বুধবাৰে শপত ল’লে মহাৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত বিধায়কসকলে

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত বুধবাৰে পুৱাই বিধানসভাৰ বিশেষ অধিৱেশনযোগে শপত ল’লে নৱ নিৰ্বাচিত বিধায়কসকলে। পৰ্টেম অধ্যক্ষ কালিদাস ক’লামকাৰে শপত বাক্য পাঠ কৰোৱাই নতুনকৈ নিৰ্বাচিত হোৱা বিধায়কসকলক।
উল্লেখ্য যে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল যদিও ৮০ ঘন্টাৰ পিছতে দেৱেন্দ্ৰ ফড়নবিছে মঙলবাৰে পদত্যাগ কৰাৰ বাবে ৰাজ্যপালে বিধায়সভাৰ বিশেষ অধিৱেশনৰ আহ্বান কৰিছিল।
নৱ নিৰ্বাচিত সকলো বিধায়ককে বুধবাৰে বিধানসভাৰ প্ৰৱেশ দ্বাৰত ৰৈ সম্ভাষণ জনাই এচিপি নেত্ৰী সুপ্ৰিয়া ছুলেয়ে। এই সময়চোৱাত বিধায়ক তথা এনচিপি নেতা অজিত পাৱাৰকো সম্ভাষণ জনাই বিধায়িকাগৰাকীয়ে।
The post বুধবাৰে শপত ল’লে মহাৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত বিধায়কসকলে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OMO0Bx
via IFTTT
Comments
Post a Comment