ইছৰ’ৰ সফল উৎক্ষেপণঃ সীমান্তত শত্ৰুৰ ওপৰত নজৰ ৰাখিব কাৰ্টোচেট-৩ কৃত্ৰিম উপগ্ৰহই

ডিজিটেল ডেস্কঃ অন্ধ্রপ্রদেশেৰ শ্রীহৰিকোটৰ সতীশ ধাৱান মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা সফলভাবে উৎক্ষেপণ কৰা হ’ল কার্টোচেট-৩। বুধবাৰে পুৱা ৯.২৮ বজাত মহাকাশৰ দিশে এই উপগ্ৰহ প্ৰেৰণ কৰা হয়। পোলাৰ চেটেলাইট লঞ্চ ভেহিকেল, চমুকৈ পিএছএলভি-চি৪৭ ৰকেট ব্যৱহাৰ কৰি এই কৃত্রিম উপগ্রহটো উৎক্ষেপণ কৰে ইছৰ’ই। এয়া শ্রীহৰিকোটৰ পৰা প্ৰক্ষেপণ কৰা ৭৪তম লঞ্চ ভেহিকেল বুলি জানিব পৰা গৈছে।

সীমান্তৰ নিৰাপত্তাৰ স্বাৰ্থত পহৰা দিয়াৰ বাবে কৃত্রিম উপগ্রহৰ সাহায্য ল’ব ভাৰতে। সেই অনুসৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই অত্যাধুনিক উপগ্ৰহ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। মহাকাশ গৱেষণা সংস্থাই নিৰ্মাণ কৰি উলিওৱা উপগ্ৰহ সমূহৰ ভিতৰত অন্যতম এটা হৈছে কাৰ্টোচেট-৩। এই উপগ্ৰহটোৰ মূল বৈশিষ্ট্য হৈছে- ই এক কাৰ্টোগ্ৰাফি বা মানচিত্ৰ নিৰ্মাণকাৰী উপগ্ৰহ।
আনহাতে এই উপগ্ৰহটো হৈছে ৰিছেট চিৰিজ কৃত্ৰিম উপগ্ৰহৰ অন্তৰ্গত। উল্লেখ্য যে, পুলৱামা আক্ৰমণৰ পিছত এই ৰিছেটৰ সহায়তে ভাৰতে বালাকোটত এয়াৰ ষ্ট্ৰাইক চলাই সন্ত্ৰাসবাদীৰ ঘাটী ধ্বংস কৰিবলৈ সক্ষম হৈছিল। ইফালে ২৭ নৱেম্বৰৰ পুৱা ইছৰ’ৱে কাৰ্টোচেট-৩ৰ উপৰিও আমেৰিকাৰ ১৩টা বানিজ্যিক সম্পৰ্কীয় নেন’ উপগ্ৰহণ মহাকাশলৈ প্ৰক্ষেপণ কৰে।
আনহাতে খবৰ অনুসৰি, আমেৰিকাৰ সৈতে নিউ স্পেছ ইণ্ডিয়া লিমিটেডে সম্পন্ন কৰা চুক্তিৰ পিছতে এই উৎক্ষেপন কৰা হয়। ইয়াৰ উপৰিও ইছৰ’ই চলিত বছৰৰে ডিচেম্বৰত ৰিছেট-২ বিআৰ-১ আৰু ৰিছেট-২ বিআৰ-২ নামৰ দুটা উপগ্ৰহ উৎক্ষেপণৰ পৰিকল্পনা কৰিছে। কাৰ্টোচেট-৩ৰ সমান্তৰালভাৱে ইছৰ’ৰ এই কৃত্ৰিম উপগ্ৰহ কেইটায়ো সীমান্তত শত্ৰুৰ ওপৰত নজৰ ৰখাত ভাৰতীয় সেনাক সহায় কৰিব।
The post ইছৰ’ৰ সফল উৎক্ষেপণঃ সীমান্তত শত্ৰুৰ ওপৰত নজৰ ৰাখিব কাৰ্টোচেট-৩ কৃত্ৰিম উপগ্ৰহই appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2QU48Ul
via IFTTT
Comments
Post a Comment