হলিউদ অভিনেত্ৰীয়ে পঠিয়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ চিঠি…

ডিজিটেল ডেস্কঃ হলিউদ অভিনেত্ৰী Pamela Anderson নে শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ প্ৰেৰণ কৰে এখন পত্ৰ। অভিনেত্ৰী গৰাকীয়ে পত্ৰৰ জৰিয়তে মোডীক অনুৰোধ কৰিছে, ভাৰতবৰ্ষত আমিষতকৈ নিৰামিষ আহাৰৰ ওপৰতহে যাতে চৰকাৰে অত্যাধিক গুৰুত্ব দিয়ে। চৰকাৰী সকলো কাৰ্যসূচীত তেওঁ নিৰামিষ আহাৰৰ ব্যৱস্থা কৰিবলৈ পত্ৰৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীক অনুৰোধ জনায়।
উল্লেখ্য যে, People for the Ethical Treatment of Animals(PETA) নামৰ সংগঠনটোৰ ফালৰ পৰা হলিউদ অভিনেত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীক এই অনুৰোধ কৰিছে। অভিনেত্ৰীগৰাকীয়ে পত্ৰত লিখিছে যে, মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে, আপোনাৰ দেশৰ খাদ্য সম্ভাৰ আৰু কৃষি প্ৰধান ইতিহাসে দেহৰ বাবে উপযুক্ত খাদ্য উৎপাদন কৰাত সফল হব।’ পত্ৰৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে কেৱল আমিষ খাদ্যই নহয় পৰাপক্ষত দেহৰ বাবে ক্ষতি কৰিব পৰা যিকোনো খাদ্য বৰ্জনৰ বাবে দেশবাসীক জাগ্ৰত কৰিবলৈ অনুৰোধ জনাইছে।
People for the Ethical Treatment of Animals(PETA) নামৰ সংগঠনটোৰ হলিউদ অভিনেত্ৰী Pamela Anderson পূৰ্বতে ভাৰতৰ জনপ্ৰিয় টেলিভিশ্বন ৰিয়েলিটি শ্ব’ ’বিগ বছ’ৰ অতিথি আছিল।
The post হলিউদ অভিনেত্ৰীয়ে পঠিয়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ চিঠি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2L5Tq9J
via IFTTT
Comments
Post a Comment