তিহাৰ জেলত প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমক সাক্ষাৎ কংগ্ৰেছ নেতা শশী থাৰুৰৰ

ডিজিটেল ডেস্কঃ সোমবাৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা শশী থাৰুৰে তিহাৰ জেলত সাক্ষাৎ কৰে প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমক। পুৱাই পি চিদাম্বৰমক সাক্ষাৎ কৰে শশী থাৰুৰে। ইফালে তেওঁৰ সৈতে তিহাৰ জেলত উপস্থিত হয় পি চিদাম্বৰৰ পুত্ৰ কাৰ্তি চিদাম্বৰম। এই সাক্ষাতকালত তেওঁলোকে কি আলোচনা কৰে জানিব পৰা হোৱা নাই।
উল্লেখ্য যে, চিবিআইয়ে প্ৰথমে ২১ আগষ্টতত গ্ৰেপ্তাৰ কৰিছিল পি চিদাম্বৰমক। আই এন এক্স গোচৰত গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীক ২২ অক্টোবৰত জামিন দিয়া হৈছিল। ইফালে জেলত থকাৰ সময়তে ১৬ অক্টোবৰত তেওঁক ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল।
The post তিহাৰ জেলত প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমক সাক্ষাৎ কংগ্ৰেছ নেতা শশী থাৰুৰৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2XFNYPU
via IFTTT
Comments
Post a Comment