নগাঁৱৰ ৰিলায়েন্স পেট্ৰ’ল পাম্প ডকাইতি কাণ্ডৰে জড়িত ৭ জনক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁৱৰ পুৰণিগুদামস্থিত ৰিলায়েন্স পেট্ৰ’ল পাম্পত সংঘটিত ডকাইতি কাণ্ডৰে জড়িত ৭ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। নগাঁও আৰক্ষীয়ে এক অভিযান চলাই নগাঁৱৰ বঢ়মপুৰৰ পৰা ডকাইত কেইটাক গ্ৰেপ্তাৰ কৰে।

কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস আৰু নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত চলা অভিযানকালত ধৃত ডকাইত কেইটাৰ পৰা এটা ৭.৬৫ এমএম আৰু এটা পইণ্ট ২২ এমম পিষ্টল জব্দ কৰা হৈছে। আনহাতে এই ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড ৰাজীৱ বৰদলৈৰ বাসগৃহত তালাচী চলাই আৰক্ষীয়ে এটা কম্পিউটাৰ ছেট আৰু চিচি কেমেৰা জব্দ কৰিবলৈ সক্ষম হয়।
The post নগাঁৱৰ ৰিলায়েন্স পেট্ৰ’ল পাম্প ডকাইতি কাণ্ডৰে জড়িত ৭ জনক গ্ৰেপ্তাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ODrhHK
via IFTTT
Comments
Post a Comment