ৰাষ্ট্রীয় স্বাস্থ্য অভিযান দৰঙৰ উদ্যোগত মঙলদৈত ১২খন চিকিৎসালয়লৈ কায়াকল্প বঁটা প্রদান

ডিজিটেল সংবাদ, মঙলদৈঃ চাফ চিকুনতা আৰু সংক্ৰমণ বিৰোধী কামত নিপূণতা প্রদৰ্শন কৰা দৰঙৰ ১২ খন চিকিৎসালয়ক প্রদান কৰা হ’ল কায়াকল্প বঁটা। জিলা স্বাস্থ্য সমিতি আৰু ৰাষ্ট্রীয় স্বাস্থ্য অভিযান দৰঙৰ উদ্যোগত মঙলবাৰে মঙলদৈ ইয়ুথ ক্লাৱত অনুষ্ঠিত আড়ম্বৰপূৰ্ণ অনুষ্ঠানটোত এই বটা প্রদান কৰে জিলা উপায়ুক্ত ঘনশ্যাম দাস আৰু স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজাই।
উল্লেখ্য যে মূলতঃ চাফ চিকুনতা, সংক্ৰমণ বিৰোধী পদক্ষেপ আৰু ৰোগীক চিকিৎসাৰ প্রকৃত সন্তুষ্টি দিবলৈ সক্ষম হোৱাৰ বাবেই এই বঁটা প্রদান কৰি আহিছে স্বাস্থ্য বিভাগে। এই প্রতিযোগিতাত মঙলদৈ অসামৰিক চিকিৎসালয়ে ৰাজ্যৰ ভিতৰত তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে দেওমৰনৈ সামূহিক স্বাস্থ্য কেন্দ্রই দৰং জিলা সামূহিক স্বাস্থ্য কেন্দ্র সমূহৰ ভিতৰত প্রথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

আনহাতে ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্র সমূহৰ ভিতৰত কেন্দুগুৰি ক্ষুদ্র স্বাস্থ্য কেন্দ্রই জিলাখনৰ ভিতৰত শ্রেষ্ঠ চিকিৎসালয়ৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। ইপিনে জিলাখনৰ দুনী মডেল হাস্পতাল, কুঁৱৰী পুখুৰি মডেল হাস্পতাল, গৰুখুটি স্বাস্থ্য কেন্দ্র, গোঁসাইগাঁও স্বাস্থ্য কেন্দ্র, জলজলী চিকিৎসালয়, ৰামহৰি, নিজডাহী আৰু হাজৰিকাপাৰা স্বাস্থ্য কেন্দ্রলৈ উদগনি মূলক বঁটা প্রদান কৰা হয়।
এন এইচ এমৰ ডিপিএম শ্বাবানা চৌধুৰীয়ে আঁতধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিলা উপায়ুক্ত গৰাকীয়ে ভৱিষ্যতে চিকিৎসালয় সমূহে আৰু ভাল ফল দেখুৱাবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰে। অনুষ্ঠানত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ৰূপলাল নুনিচা, মহকুমা চিকিত্সা বিষয়া ডাঃ প্রশান্ত গোস্বামী আদি উপস্থিত থাকে।
The post ৰাষ্ট্রীয় স্বাস্থ্য অভিযান দৰঙৰ উদ্যোগত মঙলদৈত ১২খন চিকিৎসালয়লৈ কায়াকল্প বঁটা প্রদান appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/35AnLEY
via IFTTT
Comments
Post a Comment