শনিবাৰে আস্থা ভোটত অৱতীৰ্ণ হ’ব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ ত্ৰিদলীয় চৰকাৰ…

ডিজিটেল ডেস্কঃ শনিবাৰে বিধানসভাত আস্থা ভোটত অৱতীৰ্ণ হ’ব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে। মহাৰাষ্ট্ৰত গঠন হোৱা ত্ৰিদলীয় চৰকাৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক ৰাজ্যপাল ভগত সিং কোশ্বিয়াৰীয়ে ৩ ডিচেম্বৰৰ ভিতৰত সংখ্যা গৰিষ্ঠতা প্ৰমাণৰ বাবে সময় বান্ধি দিছিল।
উল্লেখ্য যে, অতি নাটকীয় ঘটনা প্ৰবাহৰ মাজেৰে বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰূপে শপত লয় শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ থাকৰেয়ে। ইয়াৰ পূৰ্বে বিজেপি আৰু এনচিপিৰ অজিত পাৱাৰে মিলি মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰছিল। সেই চৰকাৰখনৰ মুখ্যমন্ত্ৰীৰূপে শপত লৈছিল দেবেন্দ্ৰ ফড়নবিছে। কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছ-এনচিপি আৰু শিৱসেনাই উচ্চতম ন্যায়ালয়ত এক লেখ আবেদন দাখিল কৰাৰ পিছতে ন্যায়ালয়ে দেবেন্দ্ৰ ফড়নবিছ চৰকাৰক সংখ্যা গৰিষ্ঠতা প্ৰমাণৰ নিৰ্দেশ দিয়ে। ন্যায়ালয়ৰ এই নিৰ্দেশৰ কিছু ঘণ্টাৰ ভিতৰতে পদত্যাগ কৰে উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ আৰু মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফড়নবিছে।
ইফালে এনচিপি-কংগ্ৰেছ আৰু শিৱসেনাৰ মিত্ৰজোঁটৰ চৰকাৰৰ ওচৰত সংখ্যা গৰিষ্ঠতা আছে বুলি দাবী কৰিছে শিৱসেনাৰ নেতা সঞ্জয় ৰাউটে। শুকুৰবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত সঞ্জয় ৰাউটে কয় যে ত্ৰিদলীয় মিত্ৰজোঁটলৈ ১৭০ জন বিধায়কৰ সমৰ্থন আছে। উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচত শিৱসেনাই ৫৬ খন, কংগ্ৰেছে ৪৪ খন আৰু এনচিপিয়ে ৫৪ খন আসনত জয়লাভ কৰিছিল। ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে ১৪৫ জন বিধায়কৰ সমৰ্থন প্ৰয়োজন।
The post শনিবাৰে আস্থা ভোটত অৱতীৰ্ণ হ’ব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ ত্ৰিদলীয় চৰকাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2rAWJyO
via IFTTT
Comments
Post a Comment