এন আৰ চিৰ শুনানিৰ বাবে গঠিত উচ্চতম ন্যায়ালয়ৰ বিশেষ বিচাৰপীঠ ভংগ…

  • NRCৰ শুনানিৰ বাবে গঠিত পূৰ্বৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ আৰ এফ নাৰিমনৰে গঠিত বিশেষ বিচাৰপীঠখন ভংগ।
  • ৰঞ্জন গগৈৰ অৱসৰৰ পিছতে নতুন মুখ্য ন্যায়াধীশ এছ এ ববডেই ভংগ কৰিছে বিচাৰপীঠখন।
  • এতিয়াৰ পৰা দেশৰ মুখ্য ন্যায়াধীশৰে গঠিত তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি।
  • এই কাৰণৰ বাবেই ২৬ নৱেম্বৰৰ দিনাখন তালিকাভুক্ত হৈ থকা সত্ত্বেও নহ’ল NRCৰ শুনানি।
  • ন্যায়াধীশ ৰঞ্জন গগৈ আৰু নাৰিমনে NRCৰ গোচৰৰ শুনানি গ্ৰহণ কৰি ভালেকেইটা নিৰ্দেশ প্ৰদান কৰিছিল।
  • উল্লেখ্য যে, ২০১৩ চনৰ পৰা ন্যায়াধীশ ৰঞ্জন গগৈয়ে NRCৰ শুনানি গ্ৰহণ কৰি আছিল।
  • ৬টা বছৰে ন্যায়াধীশ গগৈয়ে ৪জন ভিন্ন ভিন্ন ন্যায়াধীশৰে বিশেষ বিচাৰপীঠত শুনানি গ্ৰহণ কৰি আছিল।

The post এন আৰ চিৰ শুনানিৰ বাবে গঠিত উচ্চতম ন্যায়ালয়ৰ বিশেষ বিচাৰপীঠ ভংগ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2DmDE5V
via IFTTT

Comments