কোকৰাঝাৰৰ শ্ৰমিকৰ গুজৰাটত মৃত্যু, শোকাকুল পৰিৱেশত মৃতদেহ সৎকাৰ, VIDEO

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ সেৰফাংগুৰী উত্তৰ হকমাবিল গাঁৱৰ পুৰন্দৰ ৰায় (৩৮)নামৰ শ্ৰমিকজন আহমেদাবাদত এক পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হৈ অৱশেষত কৰুণ মৃত্যুক আঁকোৱালী লৈছে। পথ দূুটনাৰ পিছত যোৱা ২৪ নৱেম্বৰত আহমেদাবাদত চিকিৎসাধীন অৱস্থাতে প্ৰয়াত ভবেশ্বৰ ৰায়ৰ পুত্ৰ পুৰন্দৰ ৰায় মৃত্যমুখত পৰাত নিজ গাঁও হকমাবিলত শোকৰ ছাঁ পৰিছে।
উল্লেখ্য যে, যোৱা ২১ নৱেম্বৰত গুজৰাটৰ আহমেদাবাদৰ এক পথ দুৰ্ঘটনাত পতিত হৈছিল পুৰন্দৰ ৰায়। আহমেদাবাদৰ এটা পথেৰে পুৰন্দৰ খোজকাঢ়ি গৈ থাকোতে জিজে-২৭-চিই-৯৩০০ পঞ্জীয়ন নম্বৰৰ মটৰ চাইকেল এখনে খুন্দিওৱাত গুৰুতৰভাৱে আহত হয়।
গুজৰাটৰ এটা প্লাইউড ফেক্টৰীত শ্ৰমিক হিচাপে কাম কৰি থকা পুৰন্দৰক পিছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও যোৱা ২৪ নৱেম্বৰত পুৰন্দৰ মৃত্যুমুখত পৰে। পুৰন্দৰৰ মৃতদেহ নিজ বাসগৃহলৈ অহাত কান্দোনৰ ৰোল উঠে আৰু এক শোকাকুল পৰিবেশৰ মাজত গাঁৱৰ ৰাইজে মৃতদেহ সৎকাৰ কৰে।
প্ৰণিধানযোগ্য যে মৃত্যুৰ পূৰ্বে পুৰন্দৰে পত্নী আৰু এটি কণমানি কন্যা সন্তান ইহজগতত এৰি থৈ যায়।
The post কোকৰাঝাৰৰ শ্ৰমিকৰ গুজৰাটত মৃত্যু, শোকাকুল পৰিৱেশত মৃতদেহ সৎকাৰ, VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/37G6L1Y
via IFTTT
Comments
Post a Comment