২৬/১১ আক্ৰমণৰ ১১ টা বছৰ, ৰাষ্ট্ৰপতিৰ টুইটঃ সন্ত্ৰাসবাদক আমি পৰাস্ত কৰিম…

ডিজিটেল ডেস্কঃ দেশৰ আৰ্থিক ৰাজধানী মুম্বাইত সন্ত্ৰাসবাদীৰ ২৬/১১ আক্ৰমণে আজি ১১ টা বছৰ অতিক্ৰম কৰিলে। ২০০৮ চনৰ ২৬ নৱেম্বৰত মু্ম্বাইৰ কেইবাটাও স্থানত পাকিস্তানৰ লস্কৰ–ই–তৈবাৰ দহটা সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণতে প্ৰাণ হেৰুৱাইছিল প্ৰায় ১৬০ জন লোকে। দেশৰ ইতিহাসৰ এই ক’লা দিনটোত মুম্বাইৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।
আক্ৰমণৰ সময়ত নিৰাপত্তা বাহিনীৰ প্ৰত্যাক্ৰমণত ৯টা সন্ত্ৰাসবাদীয়েও প্ৰাণ হেৰুৱাইছিল। সন্ত্ৰাসবাদীকেইটাৰ ভিতৰত জীৱিত হিচাপে থকা আজমল কাছভক পৰৰ্ৱতী সময়ত ফাঁচী দিয়া হয়। কিন্তু আজিও মুকলি আকাশৰ তলতে আছে ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়িদ। মুম্বাইৰ তাজ হোটেলত চলা আক্ৰমণত মৃত্যু হৈছিল ৩১জন লোকৰ।এই আক্ৰমণত সৰ্বাধিক লোক নিহত হৈছিল ছত্ৰপতি শিৱাজী টাৰ্মিনাছত।
ইফালে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে ২৬/১১ৰ দিনটোত টুইটাৰত কয় যে, মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণে আজি ১১ টা বছৰ অতিক্ৰম কৰিলে। এই আক্ৰমণত নিহত হোৱা প্ৰতিজন ব্যক্তিক সোৱৰি পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। এই আক্ৰমণত দেশৰ ৰক্ষাৰ বাবে বলিদান দিয়াসকলক চালামা জনাইছো। আমাৰ দৃঢ় বিশ্বাস, এদিন সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদক আমি পৰাস্ত কৰিম।’
The post ২৬/১১ আক্ৰমণৰ ১১ টা বছৰ, ৰাষ্ট্ৰপতিৰ টুইটঃ সন্ত্ৰাসবাদক আমি পৰাস্ত কৰিম… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/33hykLO
via IFTTT
Comments
Post a Comment