নাৰায়ণপুৰৰ জৰাবাৰীত পথ দুৰ্ঘটনা, থিতাতে নিহত এজন

ডিজিটেল সংবাদ, নাৰায়ণপুৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত জৰাবাৰীত শনিবাৰে পুৱতি নিশা সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাবাৰী চাৰিআলিৰ সমীপত সংঘটিত দুৰ্ঘটনাটোত নিহত লোক জনক স্থানীয় ২ নং জৰাবাৰী গাঁৱৰ বলিন বৰা বুলি চিনাক্ত কৰা হৈছে ।
পুৱতি নিশা স্থানীয় এখন বিয়াৰ পৰা ঘৰলৈ বুলি নিজা AS-07-9578 নম্বৰৰ এখন বাইকেৰে গৈ থকা অৱস্থাত পথৰ দাঁতিৰ এজোপা গছত খুণ্ডা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয় আৰু থিতাতে নিহত হয় দুটা সন্তানৰ পিতৃ লোকজন ।
পুৱা স্থানীয় লোকে দেখা পাই নাৰায়ণপুৰ আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । পত্নী সহ এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তানক এৰি থৈ যোৱা ক্ষুদ্ৰ ব্যৱসায়ী তথা এসময়ৰ সুদক্ষ অভিনেতা বলিন বৰাৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি জৰাবাৰী চাৰিআলি ব্যৱসায় সন্থাই দিনৰ ১২ বজা পৰ্যন্ত সকলো ব্যৱসায়িক প্ৰতিস্থান বন্ধ ৰাখিছে ।
The post নাৰায়ণপুৰৰ জৰাবাৰীত পথ দুৰ্ঘটনা, থিতাতে নিহত এজন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2P2i8su
via IFTTT
Comments
Post a Comment