চামগুৰিত উগ্ৰপন্থী সংগঠনৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ এজন

ডিজিটেল সংবাদ,চামগুৰিঃ নগাঁৱৰ চামগুৰিত উগ্ৰপন্থী সংগঠনৰ নাম লৈ ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল এজন ।ধৃত লোকজন চামগুৰিৰ বৰদলৰ শ্যামেল তিৰ্কী। শ্যামল তিৰ্কীয়ে একেখন গাঁৱৰে অৰ্থ্যাৎ বৰদলৰ এগৰাকী মহিলাক ধনদাবী কৰিছিল ।

উল্লেখ্য যে কিছুদিন পূৰ্বে চামগুৰিৰ বৰদলৰ এগৰাকী মহিলালৈ আহিছিল অচিনাকী নম্বৰৰ পৰা ফোন। ২৮ নবেম্বৰৰ ভিতৰত মহিলাগৰাকীক আদায় দিবলৈ কোৱা হৈছিল পঞ্চাছ হাজাৰ টকা ।দাবী কৰা সমুদায় ধন আদায় নিদিলে মহিলাগৰাকীক মৃত্যুৰ ভাবুকি দিছিল ধৃত শ্যামেল তিৰ্কীয়ে ।

স্বামী বৰ্হিৰাজ্যত চাকৰি কৰি থকাৰ বাবে মহিলাগৰাকীয়ে নিজৰ কন্যাক লৈ ঘৰত আছিল অকলশৰে। হঠাত অচিনাকী নম্বৰযোগে অহা ধনদাবীৰ ফোনকল পাই আতংকিত হৈ পৰিছিল মহিলাগৰাকী। পাছত আতংকিত হৈ পৰা মহিলাগৰাকীয়ে আৰক্ষীৰ সহায় লয় ।

আৰক্ষীয়ে অনুসন্ধান চলাই পোহৰলৈ আনিলে সমগ্ৰ ঘটনা। আৰক্ষীৰ অনুসন্ধানত চামগুৰি বৰদলৰে শ্যামেল তিৰ্কীয়ে সমগ্ৰ ঘটনা সংঘটিত কৰাৰ কথা পোহৰলৈ আহে ।পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শ্যামেল তিৰ্কীক।

The post চামগুৰিত উগ্ৰপন্থী সংগঠনৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ এজন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2q0UZhE
via IFTTT

Comments