বিজেপিৰ কাৰ্যালয়ত উৰিল তৃণমূলৰ পতাকা, ৰঙেৰে মোহাৰিলে নামফলক

ডিজিটেল ডেস্কঃ পশ্চিম বংগত অনুষ্ঠিত হোৱা বিধানসভাৰ উপ নিৰ্বাচনত তিনিওখন আসনতে জয়লাভ কৰাৰ পিছতে যেন ক্ষমতাই মূৰত ধৰিছে তৃণমূল কংগ্ৰেছৰ। জয়ী হোৱাৰ পিছতে তৃণমূল কংগ্ৰেছে কৰা কিছু কামে বিশেষ চৰ্চা লাভ কৰিছে। ৪ টাকৈ বিজেপি কাৰ্যালয়ৰ নাম ফলকত ৰং সানি নিজৰ পতাকা উৰুৱালে দলটোৰ একাংশ কৰ্মীয়ে।

উল্লেখ্য যে, পানপুৰ, নাইহাতী, মাদৰাল আৰু বেৰেকপুৰৰ বিজেপি কাৰ্যালয়ৰ নামফলকত ৰং সানিলে তৃণমূল কংগ্ৰেছৰ কৰ্মকৰ্তাই। মাত্ৰ ইয়াতে ক্ষান্ত নাথাকি একাংশ তৃণমূল কৰ্মীয়ে নিজৰ পতাকাও লগালে কাৰ্যালয় কেইটাত।

৩ টা সমষ্টিত জয়লাভ কৰা মমতা বাহিনীয়ে কালিয়াগঞ্জ আৰু খড়গপুৰ সমষ্টিত প্ৰথমবাৰলৈ বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে। ইফালে দলটো জয়ী হোৱা আন এটা সমষ্টি হৈছে কৰিমপুৰ।

The post বিজেপিৰ কাৰ্যালয়ত উৰিল তৃণমূলৰ পতাকা, ৰঙেৰে মোহাৰিলে নামফলক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/37Pu3lY
via IFTTT
Comments
Post a Comment