অজিত পৱাৰেই হ’ব মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী!

ডিজিটেল ডেস্কঃ দলক বিশ্বাসঘাটকতা কৰি নিশাটোৰ ভিতৰতে বিজেপিৰ সৈতে চৰকাৰ গঠন কৰা অজিত পৱাৰক এন চি পি দলে পুনৰ আদৰি লৈছে। বুধবাৰে বিধায়কৰ শপত গ্ৰহণ অনুষ্ঠানত এন চি পি নেতৃত্বৰ সৈতে অজিত পৱাৰৰৰ চাল-চলনেই ইয়াকে প্ৰমাণ কৰিছে। কিন্তু সকলোকে আচম্বিত কৰি শেহতীয়াকৈ এন চি পিৰ ভিতৰুৱা সূত্ৰই প্ৰকাশ কৰিছে যে, শিৱসেনা-কংগ্ৰেছ-এন চি পি মিত্ৰজোঁটৰ চৰকাৰখনত অজিত পৱাৰেই পাব উপ-মুখ্যমন্ত্ৰীৰ পদ।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰনুসৰি, অজিত পৱাৰক উপ মুখ্যমন্ত্ৰী হিচাপে ইতিমধ্যেই প্ৰক্ষেপ কৰা হৈছে যদিও বৃহস্পতিবাৰে তেওঁ শপত নলয়। সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ পাছতহে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত লব অজিত পৱাৰে। উল্লেখ্য যে, ভতিজাক অজিত পৱাৰক বিজেপিৰ ওচৰলৈ যোৱাতো এন চি পিৰ অধ্যক্ষ শৰদ পৱাৰৰে ৰাজনৈতিক খেল আছিল বুলি ইতুমধ্যে চৰ্চা হৈছে।

ইফালে, বৃহস্পতিবাৰে(২৮ নৱেম্বৰ) মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত লব শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ থাকৰেই। সন্ধিয়া ৬ বাজি ৪০ মিনিটত দাদৰৰ শিৱাজী পাৰ্কত আয়োজন কৰা হৈছে শপত গ্ৰহণ অনুষ্ঠান। মুখ্যমন্ত্ৰীৰ লগতে আৰু ৬ গৰাকী বিধায়কে মন্ত্ৰীত্বৰ শপত লোৱাৰ সম্ভাৱনা আছে।

The post অজিত পৱাৰেই হ’ব মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী! appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Os8z7q
via IFTTT

Comments