১২ যাত্ৰীসহ মেজিক-কয়লা ভৰ্তি ট্ৰাকৰ সংঘৰ্ষ, থিতাতে নিহত ৪

ডিজিটেল ডেস্কঃ জাগুনঘাটত বিয়া খাবলৈ গৈ ঘূৰি অহাৰ পথত ডিগবৈৰ পাৱৈত দেওবাৰে নিশা দুৰ্ঘটনাত পতিত হয় এখন যাত্ৰীবাহী টাটা মেজিক বাহন। কয়লাভৰ্তি ট্ৰাকৰ সৈতে সংঘৰ্ষত প্ৰাণ হেৰুৱালে মেজিকখনৰ ৪জন লোকে। উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত কৰা কয়লাভৰ্তি ট্ৰাকখন মাৰ্ঘেৰিটাৰ পৰা আহি আছিল।
দুৰ্ঘটনাটো ইমানে ভয়াৱহ আছিল যে, ভাগি চূৰ্ণ–বিচূৰ্ণ হৈ যায় মেজিকখনৰ সন্মুখভাগ। দুৰ্ঘটনাগ্ৰস্ত মেজিকখনত আছিল মুঠ ১২ গৰাকী যাত্ৰী। তাৰে চালকসহ ৪ জন থিতাতে নিহত হয়। ইফালে আহত লোকসকলক সংকটজনক অৱস্থাত ভৰ্তি কৰা হয় মাৰ্ঘেৰিটা চিভিল হাস্পতালত। দুৰ্ঘটনাৰ পিছতে ৰাজপথত তীব্ৰ যান জঁটৰ সৃষ্টি হয়। ইফালে ট্ৰাকখন এৰি পলায়ন কৰে চালকে।
The post ১২ যাত্ৰীসহ মেজিক-কয়লা ভৰ্তি ট্ৰাকৰ সংঘৰ্ষ, থিতাতে নিহত ৪ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/33gVwtx
via IFTTT
Comments
Post a Comment