আৰক্ষী পহৰা চকীৰ ৫০০ মিটাৰ নিলগতে বটদ্ৰৱাৰ ডুমডুমীয়া বালিসত্ৰ উঃমাঃ বিদ্যালয়ত চোৰে পঞ্চমবাৰলৈ চলালে চাফাই আভিযান…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চুৰে চলালে চাফাই অভিযান।

মেইন গেইটৰ তলা ভাঙি বিদ্যলয়ত প্ৰবেশ কৰি অধ্যক্ষৰ কোঠা, উচ্চ বৰ্গৰ সহায়কৰ কোঠা আৰু কম্পিউটাৰৰ কোঠাত সোমাই পাচটা কম্পিউটাৰ ছেট, ইনভাৰ্টাৰ, দুটা সৌৰ চালিত চাকি, পাঞ্চিং মেচিন সহ বহু সামগ্ৰী লৈ উধাও হয় চোৰ।

উল্লেখ্য যে, এইবাৰকলৈ পাচবাৰ চুৰি কাণ্ড সংঘটিত হোৱা বিদ্যালয়খনৰ পৰা মাত্ৰ ৫০০ মিটাৰ নিলগতে আছে ডুমডুমীয়া আৰক্ষীৰ চকী।

The post আৰক্ষী পহৰা চকীৰ ৫০০ মিটাৰ নিলগতে বটদ্ৰৱাৰ ডুমডুমীয়া বালিসত্ৰ উঃমাঃ বিদ্যালয়ত চোৰে পঞ্চমবাৰলৈ চলালে চাফাই আভিযান… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2PCucmq
via IFTTT

Comments