পুত্ৰ-স্বামীহাৰা মহিলাৰ চকুপানীঃ ন্যায় বিচাৰি থানা-আদালতৰ দুৱাৰে দুৱাৰে নলবাৰীৰ প্ৰণীতা….

ডিজিটেল সংবাদ, নলবাৰীঃ এগৰাকী আদহীয়া বিধবা মহিলা। একমাত্ৰ পুত্ৰ আৰু স্বামীক হেৰুৱাই দিকবিদিকশূন্য হৈ চকুৰ পানীৰে বাট নেদেখা হোৱা মহিলাগৰাকীয়ে হাতত এটা প’লিথিনত কিছুমান কাগজ পত্ৰ লৈ আৰক্ষী থানা আৰু আদালতৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰিছে ন্যায় বিচাৰি।

কেতিয়াবা ক্ষন্তেক ক’ৰবাত জিৰাইছে। যুৱ ছাত্ৰ সংগঠনৰ ওচৰলৈও গৈছে,কিজানিবা ন্যায় পায়েই। সমমৰ্মীজনৰ আগত চকুপানী মচি দুখৰ কাহিনী বৰ্ণাই মনৰ দুখ পাতলোৱাৰ চেষ্টা কৰিছে মহিলাগৰাকীয়ে।

কিন্তু কোনেও দিব পৰা নাই তেওঁক সমস্যা সমাধানৰ পথ। অসহায় মহিলাগৰাকীয়ে অনুভৱ কৰিছে ন্যায় তেওঁৰ বাবে হয়তো সুদূৰ পৰাহত। নলবাৰীৰ বৰ দীঘেলী গাঁৱৰ প্ৰণীতা কলিতা নামৰ মহিলাগৰাকীক এতিয়া এনে অৱস্থাতে দেখা যায় নলবাৰী চহৰত। যোৱা বছৰ ১২ আগষ্টত মহিলাগৰাকীৰ একমাত্ৰ পুত্ৰ মনোৰঞ্জন কলিতাৰ ৰহস্যজনকভাবে মৃত্যু হৈছিল নলবাৰীৰ পাগলাদিয়া নদীৰ দলঙৰ কাষত একত্ৰিশ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ চানী ধাবাত।

মুকুট কলিতা, মণিকন মহন্ত আৰু অজয় কলিতাৰ এই ধাবাখনৰ কৰ্মচাৰী আছিল মনোৰঞ্জন। পিচদিনা মৃত যুৱকজনৰ মাতৃ প্ৰণীতা কলিতাই তেওঁৰ পুত্ৰক ধাবাৰ মালিকে অখাদ্য খুৱাই হত্যা কৰা বুলি অভিযোগ কৰি নলবাৰী সদৰ থানাত এজাহাৰ দিয়ে।

সেইদৰে এসপ্তাহ পিচত দীঘেলী গাঁৱৰ ৰাইজেও নলবাৰী জিলাৰ উপায়ুক্তক দিয়া স্মাৰকপত্ৰত এটা দৰিদ্ৰ পৰিয়ালৰ যুৱক মনোৰঞ্জন কলিতাক চানী ধাবাৰ মালিক পক্ষই অতি কৌশলেৰে পৰিকল্পিতভাবে হত্যা কৰি যুৱকজনক সাপে খুটিওৱাৰ ৰূপ দিয়ে বুলি অভিযোগ কৰে।

এই হত্যাকাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক উচিত শাস্তি দিয়াৰো দাবী তুলিছিল ৰাইজে। তাৎপৰ্যপূৰ্ণ যে নলবাৰী থানাত পঞ্জীয়ন হোৱা ৫৭৬/২০১৮ নং গোচৰমৰ্মে আৰক্ষীয়ে অভিযুক্তকেইজনক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাইছিল যদিও সম্প্ৰতি তেওঁলোক মুকলি আকাশৰ তলত।

ভুতৰ ওপৰত দানহ। পুত্ৰ শোকত ভাগি পৰা মনোৰঞ্জনৰ মাতৃ পিতৃ প্ৰণীতা কলিতা আৰু অখিল কলিতাক পুত্ৰৰ মৃত্যুৰ কিছুদিন পিচৰ পৰাই একাংশ দুৰ্বৃত্তই প্ৰাণে মৰাৰ ভাবুকি দিবলৈ ধৰে। যাৰ বাবে যোৱা বছৰৰ ২৬ অক্টোবৰত প্ৰণীতাই জীৱনৰ নিৰাপত্তা বিচাৰি নলবাৰী আদালত আৰু সদৰ থানাত আবেদন জনাবলগীয়া হৈছিল।

ইপিনে পুত্ৰ শোকত জৰ্জৰিত আৰু দুষ্কৃতিকাৰীৰ ভাবুকিত ভীতিগ্ৰস্ত হৈ প্ৰণীতাৰ স্বামী অখিল কলিতাৰো পাঁচমাহ পূৰ্বে মৃত্যু হয়। এনে অৱস্থাত এগৰাকী কন্যা( হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী)ৰ সৈতে জীৱন ধাৰণ কৰাই কঠিন হৈ পৰিছে প্ৰণীতা কলিতাৰ।

মহিলাগৰাকীয়ে অ’ত ত’ত কাম বন কৰি জীৱন নিৰ্বাহৰ চেষ্টা কৰিছে যদিও শংকামুক্ত নহয় এতিয়াও। এনে অৱস্থাত পুত্ৰহাৰা,স্বামীহাৰা প্ৰণীতাক কোনে ন্যায় দিব বুলি বিভিন্নজনে প্ৰশ্ন কৰিছে।।

The post পুত্ৰ-স্বামীহাৰা মহিলাৰ চকুপানীঃ ন্যায় বিচাৰি থানা-আদালতৰ দুৱাৰে দুৱাৰে নলবাৰীৰ প্ৰণীতা…. appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NsnxbC
via IFTTT

Comments