দেশত মন্দাৱস্থাঃ বিগত ১০ বছৰৰ ৰেকৰ্ড ভংগ, দেশৰ ৮ টা গুৰুত্বপূৰ্ণ উদ্যোগৰ উৎপাদন হ্ৰাস…

ডিজিটেল ডেস্কঃ মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত দেশৰ অৰ্থনৈতিক দুৰাৱস্থাই চিন্তিত কৰি তুলিছে সচেতন মহলক। এই অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ দেশৰ বিত্তমন্ত্ৰীয়ে কেইবাখনো দেশৰ সৈতে আলোচনাত বহি বিভিন্ন পন্থা অৱলম্বন কৰিছে যদিও বৰ্তমান পৰ্যন্ত কোনো সুফল পোৱা নাই। এনে অৱস্থাৰ মাজতে দেশৰ অৰ্থনৈতিক দিশটোৰ প্ৰতি আৰু অধিক প্ৰত্যাহ্বান জনাই শেহতীয়াকৈ প্ৰকাশ পাইছে আন এক তথ্য।
প্ৰকাশ পোৱা তথ্যনুসৰি শেহতীয়াকৈ দেশৰ ৮ টা গুৰুত্বপূৰ্ণ উদ্যোগৰ উৎপাদন ৫.২ শতাংশ হ্ৰাস পাইছে। বিগত এটা দশকত এয়া হৈছে সবাতোকৈ বেয়া প্ৰদৰ্শন। যোৱা ছেপ্তেম্বৰমাহৰ পৰা এই ৮ টা উদ্যোগত উৎপাদন হ্ৰাস পাইছে। এই ৭ উদ্যোগৰ ভিতৰত সবাতোকৈ উৎপাদন হ্ৰাস পাইছে কয়লা উদ্যোগৰ। কয়লাৰ উৎপাদন প্ৰায় ২০.৫০ শতাংশ হ্ৰাস পাইছে। ইফালে কেচাঁ তেলৰ উৎপাদন হ্ৰাস পাইছে ৫.৪০ শতাংশ। এনেদৰে প্ৰাকৃতিক গেছৰ উৎপাদন ৪.৯ শতাংশ, চিমেন্ট উদ্যোগৰ ২.১ শতাংশ, ৰিফাইনেৰীৰ ৬.৭ শতাংশ, ষ্টীলৰ ০.৩ শতাংশ, বিদ্যুতৰ উৎপাদন হ্ৰাস পাইছে ৩.৭ শতাংশ।
উল্লেখ্য যে, এই ৮ টা উদ্যোগৰ ৭ টাৰে উৎপাদন হ্ৰাস পাইছে চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহৰ পৰা। ইয়াৰ বিপৰীতে ২০১৮ চনত দেশৰ বৃহত উদ্যোগখণ্ডৰ উৎপাদন বৃদ্ধি পাইছিল ৪.৩ শতাংশ। দেশৰ গুৰুত্বপূৰ্ণ উদ্যোগৰ উৎপাদন হ্ৰাস হোৱালৈ চাই বহু বিশেষজ্ঞই মতপোষম কৰিছে যে- এনেদৰে চলি থাকিলে দেশৰ মন্দাৱস্থাই ভয়াৱহ ৰূপ ধাৰণ কৰিব।
The post দেশত মন্দাৱস্থাঃ বিগত ১০ বছৰৰ ৰেকৰ্ড ভংগ, দেশৰ ৮ টা গুৰুত্বপূৰ্ণ উদ্যোগৰ উৎপাদন হ্ৰাস… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/36jTSKx
via IFTTT
Comments
Post a Comment