আজিৰে পৰা ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাঃ উদুলি-মুদুলি চানমাৰি অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেল পথাৰ…

ডিজিটেল ডেস্কঃ আজিৰে পৰা ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা। পূৰ্বৰ বৰ্ষৰ দৰে ২০১৯ বৰ্ষত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই আয়োজন কৰিছে ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা। ১ নবেম্বৰৰ পৰা ১২ নবেম্বৰলৈকে অনুষ্ঠিত হ’ব লগা এই গ্ৰন্থমেলাৰ প্ৰস্তুতি এতিয়া সম্পুৰ্ণ।
গ্ৰন্থমেলাৰ প্ৰথম দিনটোতে উখল-মাখল পৰিৱেশে বিৰাজ কৰি আছে চানমাৰি অসম অভিযান্ত্ৰিক খেল পথাৰত। উল্লেখযোগ্য যে, এইবাৰ গ্ৰন্থ মেলাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব ভাৰতৰ মহামান্য উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু।
আয়োজক কমিটীয়ে জানিবলৈ দিয়া মতে, এই ২১ সংখ্যক গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠান ১ নবেম্বৰ অৰ্থাৎ শুকুৰবাৰে আৱেলি ৪ বজাৰ পৰা অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে অংশ লোৱাৰ লগতে সন্মনীয় অতিথি হিচাপে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশ ল’ব।
এইবাৰ গ্ৰন্থমেলাত দেশৰ বিভিন্ন স্থানৰ ডেৰশৰো অধিক গ্ৰন্থ প্ৰকাশকে অংশ ল’ব। বাংলাদেশৰ পৰাও এই গ্ৰন্থমেলাত অংশ ল’বলৈ আহিব এটা প্ৰকাশন গোষ্ঠী। গ্ৰন্থমেলাৰ সময়চোৱাত বিভিন্ন বিষয়ক কাৰ্যসূচী অনুষ্ঠিত হ’ব।
উদ্বোধনী অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে প্ৰদান কৰিব অসম সাহিত্য সভাই আগবঢ়োৱা শশীচন্দ্ৰ বৰবৰুৱা বঁটা। উল্লেখযোগ্য যে, এই বঁটা এইবাৰ সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্তাধিকাৰী জয়ন্ত বৰুৱালৈ আগবঢ়োৱা হৈছে।
২ নবেম্বৰত দিলীপ কুমাৰ দত্ত সভাগৃহত আবেলি ৬ বজাৰ মুণিন বৰকটকী সোঁৱৰণি আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। সাম্প্ৰতিক সময়, সাম্প্ৰতিক নিবন্ধকাৰ শীৰ্ষক আলোচনা চক্ৰৰ উদ্বোধন কৰিব বিশিষ্ট নিবন্ধকাৰ লক্ষ্মীনাথ তামুলীয়ে।
এই আলোচনা চক্ৰখনৰ সঞ্চালক ৰূপে থাকিব জ্যেষ্ঠ লেখক-সাংবাদিক দিগন্ত ওজা। শান্তনু বৰঠাকুৰ, কিশোৰ কলিতা, ড০ দেৱভূষণ বৰা, জীতেন বেজবৰুৱা, অংকুৰ তামুলী ফুকন, মৃণ্ময় কুমাৰ নাথ, পাৰবিন ছুলতানা আৰু জ্যোতিৰ্ময় তালুকদাৰে আলোচক ৰূপে অংশ ল’ব।
৫ নবেম্বৰত কবিৰঞ্জন শইকীয়া সোঁৱৰণী উদীয়মান কবিৰ কবিতাপাঠ আৰু মতবিনিময় অনুষ্ঠান অনুষ্ঠিত হ’ব। অতি সাম্প্ৰতিক কবি নিৰ্বাচিত পাঠক শীৰ্ষক এই অনুষ্ঠানত সঞ্চালক হিচাপে থাকিব কবি-সমালোচক কমল কুমাৰ তাঁতী।
৬ নবেম্বৰত শিক্ষাবিদ পৰীক্ষিত হাজৰিকা সোঁৱৰণী মুকলি মতবিনিময় অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট অধিবক্তা অৰূপ বৰবৰাই। এই অনুষ্ঠানত সামাজিক দায়ৱদ্ধতা আৰু মোৰ কাম শীৰ্ষক অনুষ্ঠানটি আঁত ধৰিব গল্পকাৰ-কবি অতনু ভট্টাচাৰ্যই।
৭ নবেম্বৰত সন্ধিয়া ৬.১৫ বজাৰ পৰা সমাজকৰ্মী জি এল আগৰৱালা আৰু বিশিষ্ট শিল্পী বেণু মিশ্ৰ সোঁৱৰণী মূল মঞ্চত হ’ব সাহিত্য অকাডেমি বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক অৰূপা পটংগীয়া কলিতাৰ সৈতে অন্তৰংগ আলাপ। এই অনুষ্ঠাটিৰ আঁত ধৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা সমালোচক ড০ বিভাস চৌধুৰীয়ে।
তাৰপাছত ৯ নবেম্বৰত দিলীপ কুমাৰ দত্ত সভাঘৰত সন্ধিয়া ৬ বজাৰ পৰা গল্পকাৰ, সুলেখক পাৰ্থবিজয় দত্ত সোঁৱৰণী নতুন প্ৰজন্মৰ সৈতে ভাব বিনিময় অনুষ্ঠান অনুষ্ঠিত হ’ব। এই অনুষ্ঠানৰ বিষয় হ’ব ‘আমি কি ভাবোঁ’। অনুষ্ঠানটি উদ্বোধন কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক তথা অনুবাদক ড০ স্বাতী কিৰণে। লগতে এই অনুষ্ঠানটিৰ আঁতধৰোতা হিচাপে থাকিব মন্দিৰা গগৈ আৰু স্তুতি গোস্বামী।
উল্লেখ্য যে, এই অনুষ্ঠানটিত অংশ ল’ব ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়,তেজপুৰ বিশ্ববিদ্যালয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (গুৱাহাটী), টি আই এছ এছ (গুৱাহাটী), গুৱাহাটী মহাবিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, উত্তৰ লখিমপুৰ মহাবিদ্যালয় আৰু বজালী মহাবিদ্যালয়ৰ নিৰ্বাচিত ছাত্ৰ-প্ৰতিনিধিয়ে।
১০ নবেম্বৰত সন্ধিয়া ৬ বজাৰ পৰা কবি সন্মিলন আৰু মতবিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। এই অনুষ্ঠানটিত উদ্বোধক ৰূপে থাকিব বিশিষ্ট কবি-সমালোচক আনিছ উজ জামান আৰু সঞ্চালক ৰূপে থাকিব বিশিষ্ট কবি-সাহিত্যিক নীলিম কুমাৰ।
তাৰপাছত ১১ নবেম্বৰত দিলীপ কুমাৰ দত্ত সভাগৃহত সন্ধিয়া ৬ বজাৰ পৰা ইতিহাসবিদ হেৰম্বকান্ত বৰপূজাৰী সোঁৱৰণী আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। ‘সাম্প্ৰতিক অসমৰ ইতিহাস চৰ্চা’ শীৰ্ষক বিষয়ক এই অনুষ্ঠানটিত বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোঁহাইয়ে উদ্বোধক ৰূপে অংশ ল’ব। লগতে সঞ্চালক ৰূপে থাকিব লেখক তথা অধ্যাপক ড০ পৰমানন্দ মজুমদাৰ।
The post আজিৰে পৰা ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাঃ উদুলি-মুদুলি চানমাৰি অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেল পথাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/337jzf1
via IFTTT
Comments
Post a Comment