পাকিস্তানত ৰেলত হোৱা অগ্নিকাণ্ডক লৈ মিছা মাতিছে ৰেলমন্ত্ৰীয়ে! নিহত সংখ্যা ৭৩ লৈ বৃদ্ধি…

ডিজিটেল ডেস্কঃ যোৱা বৃহস্পতিবাৰে(৩১ অক্টোবৰ) পূব পঞ্জাৱত কাৰাছীৰ পৰা ৰাৱলপিণ্ডীলৈ গৈ থকা তেজগাম এক্সপ্ৰেছত সংঘটিত হোৱা অগ্নিকাণ্ডত নিহতৰ সংখ্যা ৭৩ জনলৈ বৃদ্ধি পাইছে। ৰেলখনত সংঘটিত হোৱা এি অগ্নিকাণ্ড চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হোৱা বুলি প্ৰশাসনে দাবী কৰিলেও শেহতীয়াকৈ প্ৰকাশ পাইছে আন এটা দিশ।

বৃহস্পতিবাৰৰ এই বিধ্বংসী অগ্নিকাণ্ডৰ পাছতে পাকিস্তানৰ প্ৰশাসনৰ লগতে ৰেল মন্ত্ৰী শ্বেখ ৰছীদে মন্তব্য কৰিছিল যে, ৰেলখনত ৰন্ধাৰ বাবে ব্যৱহাৰ কৰা চিলিণ্ডাৰ বিস্ফোৰণ হৈ এই অগ্নিকাণ্ড সংঘটিত হৈছিল। কিন্তু ৰেলখনত থকা প্ৰত্যক্ষদৰ্শীয়ে খাৰিজ কৰিছে ৰেল মন্ত্ৰীজনৰ এই দাবী।

তেওলোকৰ মতে, ৰেলত ওপৰৰ ফালে থকা বিদ্যুতচালিত ফেনত চৰ্ট চাৰ্কিট হৈ প্ৰথমে এই জুইৰ সুত্ৰপাত হৈছিল। ইয়াৰ পাছতে আন দুটা দবালৈ বিয়পি পৰে এই জুই। এই অগ্নিকাণ্ডত মুঠ ৩ টা দবা সম্পূৰ্ণৰূপে ভষ্মীভূত হয়। উল্লেখ্যে যে, ২ জন যাত্ৰীয়ে চিলিণ্ডাৰযুক্ত ষ্টভত খাদ্য প্ৰস্তুত কৰি থকা সময়তে এই অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ কথা ঘোষমা কৰিছিল পাক চৰকাৰে।

উল্লেখ্য যে, চলিত বৰ্ষত পাকিস্তান এইটো হৈছে দ্বিতীয়টো শোকাৱহ ৰেল দুৰ্ঘটনা। ইয়াৰ পূৰ্বে যোৱা জুলাইমাহত লাহোৰৰ পৰা কোটালৈ গৈ থকা আকবৰ বুগতী এক্সপ্ৰেছে আন এথন মালবাহী ৰেলত খুন্দা মৰাৰ ফলত ২৪ জন যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল।

The post পাকিস্তানত ৰেলত হোৱা অগ্নিকাণ্ডক লৈ মিছা মাতিছে ৰেলমন্ত্ৰীয়ে! নিহত সংখ্যা ৭৩ লৈ বৃদ্ধি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2WClhmj
via IFTTT

Comments