মানকাচৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী জব্দৰ লগতে ৪ ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ. দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰত বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে চাৰিজনকৈ লোকক গ্ৰেপ্তাৰ কৰে ।

উল্লেখযোগ্য যে পুৰুষ মহিলাসহ মুঠ ৪ গৰাকী ড্ৰাগছ ব্যৱসায়ীক মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসে চলোৱা এক অভিযানত গ্ৰেপ্তাৰ হয় । মানকাচৰ থানা এলেকাৰ ২নং পুৱেৰ গাওঁৰ মাহমুদুল হাছান খন্দকাৰ, মানকাচৰৰ সৰকাৰ পাৰা নিউ মাৰ্কেটৰ জাৰ্জ মিয়া, তেওঁৰ পত্নী চায়না বেগম আৰু পলাতক ড্ৰাগছ সৰবাহকাৰী সাব্বিৰ হুছেইন ৰ পত্নী আকলিমা হুচাইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

আটাইকে মানকাচৰ থানাত আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ।মানকাচৰ আৰক্ষীয়ে সাব্বিৰ হুছেইন আৰু তেওঁৰ সংগীৰ পৰা Re-kuff চিৰাৰ ১৩৮ বটল আৰু AkS Proimevan টেবলেট ১১৯৫ টা জব্দ কৰিবলৈ সক্ষম হয় ।এই সন্ধোৰ্ভত মানকাচৰৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত চলাই আছে বুলি আৰক্ষী বিষয়াজনে আমাৰ সাংবাদিকক জানিবলৈ দিয়ে।

The post মানকাচৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী জব্দৰ লগতে ৪ ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2N3dsmo
via IFTTT

Comments