চামগুৰিৰ মোৱামাৰীত বিধ্বংসী অগ্নিকাণ্ড, VIDEO

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁৱৰ চামগুৰিৰ মোৱামাৰি দৈনিক বজাৰত নিশা এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ডটোত বহু লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত জাহ যায়। অতৰ্কিতে অতি ব্যস্ত অঞ্চলটোত জুই লগাত জুইয়ে সম্পূৰ্ণৰূপে প্ৰায় দহ খন দোকান ভস্মীভূত কৰে আৰু পোনপ্ৰথমে এখন ঔষধৰ দোকানত জুই লগাৰ পাছত জুই আন বহু কেইখন দোকানলৈ বিয়পি পৰে।

পাছত অতি ভয়ংকৰভাৱে বাঢ়ি গৈ থকা জুই প্ৰত্যক্ষ কৰি সীমান্ত সুৰক্ষা বাহিনীৰ একাধিক জোৱানে স্থানীয় ৰাইজৰ সহযোগত জুই নুমুৱাবলৈ দুঃসাহসীক চেষ্টা কৰে আৰু কিছু পৰিমাণে জুই নুমুৱাবলৈ সক্ষম হয়। আনহাতে মাত্ৰ তিনি কিলোমিটাৰ আতঁৰত অৰ্থ্যাৎ চামগুৰি সোণোৰিবালীত থকা অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ পৰা ঘটনাস্থলীত উপস্থিত হবলৈ অগ্নি নিৰ্বাপক বাহিনীক এক ঘণ্টা লগা বিষয়ক কেন্দ্ৰ কৰি চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
The post চামগুৰিৰ মোৱামাৰীত বিধ্বংসী অগ্নিকাণ্ড, VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/34kRcKE
via IFTTT
Comments
Post a Comment