বঙাইগাঁৱৰ বইটামাৰীত পুৱাই উদ্ধাৰ ৬০০ বটল ক’ফ চিৰাপ, VIDEO

ডিজিটেল সংবাদ, বঙাইগাঁওঃ অভয়াপুৰীৰ বইটামাৰীত পুৱাই আৰক্ষীৰ অভিযান৷ বইটামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰীতম দাসৰ নেতৃত্বত এই অভিযান৷ বইটামাৰীৰ নিত্যবজাৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত আমছুৰ সহযোগত আৰক্ষীৰ অভিযান৷
অভিযানত জব্দ মুঠ ৬০০ বটল নিষিদ্ধ ক’ফ চিৰাপসহ আৰু এখন টাটা ভিষ্টা বাহন৷ বাহনখনৰ নম্বৰ এএছ-০১-বিএফ৷ আটক বাহনখনৰ চালক নুৰ মহম্মদ শ্বেখ৷ উক্ত ক’ফ চিৰাফখিনি “ৰশ্মি ড্ৰাগছ” নামৰ ফাৰ্মাচীখনৰ বুলি সন্দেহ কৰা হৈছে।
ঘটনাৰ সন্দৰ্ভত বইটামাৰী আৰক্ষীৰ তদন্ত অব্যাহত৷ দীৰ্ঘদিনৰ পৰা নিত্যবজাৰত চলি আহিছিল অবৈধ ক’ফ চিৰাপ তথা ড্ৰাগচৰ ৰমৰমীয়া বেহা।
The post বঙাইগাঁৱৰ বইটামাৰীত পুৱাই উদ্ধাৰ ৬০০ বটল ক’ফ চিৰাপ, VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2qfPVWo
via IFTTT
Comments
Post a Comment