আফগানিস্তানত গুলীয়াই হত্যা পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ কমাণ্ডাৰকঃ চলিত বৰ্ষত সংঘটিত কৰিছিল ৭৫টাকৈ আক্ৰমণ…

ডিজিটেল ডেস্কঃ পাকিস্তানৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন তেহৰিক-এ-তালিবান পাকিস্তান চমুকৈ টিটিপিৰ কমাণ্ডাৰ কুৱাৰী চৈফুল্লাহ মেহছুদক আফগানিস্তানত কোনো অস্ত্ৰধাৰীয়ে গুলীয়াই হত্যা কৰে। দেওবাৰে এই খবৰ প্ৰকাশ কৰে স্থানীয় সংবাদ মাধ্যমে।

বাতৰি অনুসৰি, আফগানিস্তানৰ খোষ্ট প্ৰদেশৰ গুলোন কেম্পৰ সমীপত গুলীয়াই হত্যা কৰা হয় টিটিপিৰ সন্ত্ৰাসবাদীজনক। টিটিপিৰ মুখপাত্ৰই দাবী কৰা মতে, আফগানিস্তানৰ বিদ্ৰোহী সংগঠন হাক্কানী নেটৱৰ্কে এই আক্ৰমণ সংঘটিত কৰি কুৱাৰী চৈফুল্লাহ মেহছুদক হত্যা কৰে।

উল্লেখ্য যে, ২০০৭ চনত প্ৰতিষ্ঠা হৈছিল তেহৰিক-এ-তালিবান পাকিস্তান। বৰ্তমান এই সংগঠনটো ৪টা ভাগত বিভক্ত হৈছে। সেইকেইটা হৈছে- স্বাত গ্ৰুপ, মেহছুদ গ্ৰুপ, বাজুৱাৰ এজেন্সী গ্ৰুপ আৰু ডাৰা আদমখেল গ্ৰুপ। কুৱাৰী চৈফুল্লাহ মেহছুদ সংগঠনৰ মেহছুদ গ্ৰুপৰ কমাণ্ডাৰ আছিল। পাকিস্তানৰ ম’ষ্ট ৱান্টেড সন্ত্ৰাসবাদীৰ তালিকাৰ শীৰ্ষত থকা এইজন সন্ত্ৰাসবাদী পাকিস্তানৰ লগতে আফগানিস্তানৰ কেইবাটাও সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ বিষয়ে জানিব পৰা গৈছে।

চলিত বৰ্ষত মেহছুদে এক অডিঅ’ ক্লিপ প্ৰকাশ কৰি দাবী কৰে যে এই সন্ত্ৰাসবাদীৰ গ্ৰুপটোৱে চলিত বৰ্ষত পাকিস্তানত ৭৫ টা আক্ৰমণ সংঘটিত কৰিছে। এই আক্ৰমণ সমূহৰ অধিক ভাগ খাইবাৰৰ পখটুনখাৰ উত্তৰ আৰু দক্ষিন ৱাজিৰিস্তান জিলাসমূহত সংঘটিত কৰিছিল আৰু সন্ত্ৰাসবাদী গ্ৰুপটোৰ আক্ৰমণৰ লক্ষ্য আছিল সেই অঞ্চল সমূহৰ জ্যেষ্ঠ আৰু প্ৰসিদ্ধ লোকসকল। ২০১৫ চনত কাৰাচীৰ বাছ আক্ৰমণৰ আঁৰতো আছিল কুৱাৰী চৈফুল্লাহ মেহছুদৰ হাত। সেই বাছ আক্ৰমণত কমেও ৪৫ জন নীৰিহৰ মৃত্যু ঘটিছিল।

বাতৰি অনুসৰি, কুৱাৰী চৈফুল্লাহ মেহছুদৰ মৃত্যু টিটিপিৰ বাবে এক পূৰাব নোৱাৰা ক্ষতি হিচাপে চিহ্নিত হ’ব। বিশেষকৈ বিভিন্ন কাৰণত টিটিপি কেইবাটাও ভাগত বিভক্ত হোৱাৰ পিছত চৈফুল্লাহ মেহছুদে সকলোকে একত্ৰিত কৰাৰ চেষ্টা চলাই আছিল আৰু এইজন সন্ত্ৰাসবাদীৰ নেতৃত্বতে আগন্তুক সময়ত পাকিস্তানত কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ ব্লু প্ৰিণ্ট ৰচিছিল টিটিপিয়ে।

উল্লেখ্য যে, ২০১৬ চনত আফগানিস্তানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই গ্ৰেপ্তাৰ কৰিছিল টিটিপিৰ কমাণ্ডাৰ চৈফুল্লাহ মেহছুদক। কিন্তু ১৪ মাহ কাৰাৱাস খাটি ওলাই অহাৰ পিছতে পুনৰ সন্ত্ৰাসবাদী কাৰ্যকলাপত লিপ্ত হৈ পৰিছিল এইজন ম’ষ্ট ৱান্টেড টেৰৰিষ্ট।

The post আফগানিস্তানত গুলীয়াই হত্যা পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ কমাণ্ডাৰকঃ চলিত বৰ্ষত সংঘটিত কৰিছিল ৭৫টাকৈ আক্ৰমণ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/368yasp
via IFTTT

Comments