জাজৰিত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ, VIDEO

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সমগ্ৰ ৰাজ্যৰ দৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিল নগাঁও জিলাৰ বৃহত্তৰ জাজৰিবাসী ৰাইজ। সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ জাজৰি আঞ্চলিক সমিতিৰ উদ্যোগত তথা জাজৰি যুৱ মঞ্চ আৰু জাজৰি উন্নয়ণ মঞ্চৰ সহযোগত বুধবাৰে জাজৰি বালিজান খেল পথাৰত ‘কা’ বাতিলৰ দাবীত অনুষ্ঠিত হয় এখনি প্ৰতিবাদী সভা।
জিকিৰ আৰু জাৰিৰে আৰম্ভ হোৱা প্ৰতিবাদী সভাখনত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী আবুল খায়েৰ আহমেদে৷ সভাখনিত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় উপদেষ্টা ফাইজুৰ ৰহমান, গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ নগাওঁ জিলা সমিতিৰ সভাপতি নজমুল হুছেইন, সম্পাদক জেহিদৰ ৰহমান, মৰিগাঁও জিলা সমিতিৰ সভাপতি ইবাদুল আলি, নগাঁও জিলা ছাত্ৰ সন্থাৰ সম্পাদক অমৰ জ্যোতি ফুকন আৰু নগাঁও জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি পৰাণ বৰুৱাকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি বিজেপি চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তক একেমুখে গৰিহণা দি বিতৰ্কিত আইনখন বাতিলৰ দাবী জনায়৷
সভাৰ অন্তত বৃহত্তৰ জাজৰি অঞ্চলৰ মাজেৰে এটি প্ৰতিবাদী সমদল বাহিৰ কৰা হয়৷ হাতে হাতে বিভিন্ন শ্ল’গান লিখা থকা বেনাৰ, পোষ্টাৰ, ফেষ্টুন আদি লৈ প্ৰতিবাদকাৰীসকলে নানা চৰকাৰ বিৰোধী ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে।
The post জাজৰিত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ, VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ru11bx
via IFTTT
Comments
Post a Comment