নুমলীগড়ৰ ৪ নং ৰংবঙত গাঁৱৰ মাজেৰে জাক জাক হাতী…VIDEO

ডিজিটেল সংবাদ, নুমলীগড়ঃ সনুমলীগড়ৰ চাৰি নং ৰংবঙৰ দৃশ্য এয়া । পুৱাই গাৱৰ মাজেৰে পাৰ হৈছে জাক জাক হাতী । এক দৃষ্টি নন্দন দৃশ্য । মাতৃৰ সৈতে আগবাঢ়িছে কেইবাটাও পোৱালি ।

খাদ্যৰ সন্ধানত হাবি এৰি নিতৌ নুমলীগড়ৰ জনাঞ্চলত হাতীৰ বিচৰন । পথাৰৰ পৰা কাটি চোতালত থোৱা ধান খাবলৈ গাৱলৈ সোমোৱাৰ ফলত নিৰুপায় কৃষক ।

ইফালে হাতীৰ জাকটো খেদি পঠিয়াবলৈ ৰাইজৰ চেষ্টা । হৈ হাল্লা কৰি হাতী খেদিবলৈ পিছে পিছে এজাক মানুহ । মানুহে খেদে হাতী আকৌ হাতীয়ে খেদি যায় মানুহ ।এনেদৰে হাতী-মানুহৰ সংঘাত বৃদ্ধি পাইছে নুমলীগড়ত।

The post নুমলীগড়ৰ ৪ নং ৰংবঙত গাঁৱৰ মাজেৰে জাক জাক হাতী…VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2PZ1OKK
via IFTTT

Comments