‘কা’ৰ বিৰুদ্ধে কলগাছিয়াত প্ৰতিবাদ, কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবী…

ডিজিটেল সংবাদ, মইনবড়ি: ফেচিষ্ট চৰিত্ৰ উদঙাই বিজেপি চৰকাৰে কেৱল ধৰ্মৰ ভিত্তিত গৃহীত কৰা কা’ৰ বিৰুদ্ধে বৰপেটা জিলাৰ জনীয়া সমষ্টিত বিভিন্ন দল সংগঠনৰ অধিক তীব্রতৰ আন্দোলন অব্যাহত আছে। বৃহস্পতিবাৰে বিয়লি কলগাছিয়াৰ ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত মুক্তি সংগ্ৰাম সমিতিয়ে অৱস্থান ধৰ্মঘট পালন কৰে।

আনহাতে , তিতাপানী আৰু টি এন ডি’ত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, নাগৰিক মঞ্চ আদিৰ উদ্যোগত পৃথকে পৃথকে কাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে নৰেদ্ৰ মোডী হাই হাই, হিমন্ত বিশ্ব হাই হাই, বিজেপি গ বেক, সংবিধানক অৱমাননা কৰা নচলিব, ধৰ্মৰ ভিত্তিত বলপূৰ্বক আইন জাপি দিয়া বন্ধ কৰক, কা আমি নামনো ,অখিল গগৈক বিনা চৰ্তত মুকলি কৰি দিয়ক, বিজেপিৰ হিটলাৰী শাসন নচলিব, ১৯৭১ চনৰ (২৫ মাৰ্চ) পিছৰ কোনো বিদেশীক মানি লোৱা নহব আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰে।

উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ স্থানীয় কলগাছিয়াৰ মহকুমা সমিতিৰ সভাপতি আজমল আলী আৰু ৰফিকুল ইছলামে কয় ভাৱে জাতি মাটি ভেটিৰ স্বাৰ্থত গণতান্ত্ৰিক আন্দোলন কৰাৰ বাবেই ফেচিষ্ট চৰকাৰে গ্ৰেপ্তাৰ কৰা কৃষক নেতা অখিলকসহ গ্ৰেপ্তাৰ বৰণ কৰা অন্যান্য কৃষক নেতা সকলক বিনা চৰ্তত মুকলি কৰি দিয়াৰ লগতে সাম্প্ৰদায়িক “কা” বাতিল নকৰা লৈকে আন্দোলন অব্যাহত থাকিব বুলি দাবী কৰে।

The post ‘কা’ৰ বিৰুদ্ধে কলগাছিয়াত প্ৰতিবাদ, কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবী… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2SsgvYr
via IFTTT

Comments