ছ’চিয়েল মিডিয়াত মুখ্যমন্ত্ৰীক সমালোচনা! গাত চিয়াঁহী ঢালি ৰাজহুৱা স্থানত শাস্তি দিয়া হ’ল এজন লোকক… VIDEO

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত শিৱসেনা-কংগ্ৰেছ-এনচিপি মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক সমালোচনা কৰি ছ’চিয়েল মিডিয়াত মন্তব্য কৰাৰ অভিযোগত কেমেৰাৰ সন্মুখতে এগৰাকী মহিলা শিৱসেনা কৰ্মীয়ে লোকজনৰ গাত চিয়াঁহী সানে। এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে, মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক সমালোচনা কৰি ছ’চিয়েল মিডিয়াত পোষ্ট দিয়াৰ পিছত শিৱসেনা কৰ্মীৰ আক্ৰমণৰ বলি হোৱা এয়া এসপ্তাহৰ ভিতৰতে দ্বিতীয়টো ঘটনা।

সংবাদ সংস্থা এ এন আইয়ে প্ৰকাশ কৰা ১৭ ছেকেণ্ডৰ ভিডিঅ’টোত দেখিবলৈ পোৱা মতে এজন লোকে ফোনত কথা পাতি থকাৰ সময়তে সুমথিৰা আৰু সেউজীয়া ৰঙৰ শাৰী পৰিহিতা এগৰাকী মহিলাই লোকজনৰ গাত চিয়াঁহী পেলাই দিয়ে। সেই সময়ত তেওঁলোকৰ ওচৰে পাজৰে থকা লোকসকলে সেই দৃশ্য প্ৰত্যক্ষ কৰি আছিল। এই ঘটনা মহাৰাষ্ট্ৰৰ বীড জিলাৰ বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৱাডালাৰ হীৰামণি তিৱাৰী নামৰ এজন লোকে ছ’চিয়েল মিডিয়াত উদ্ধৱ থাকৰেক সমালোচনা কৰি মন্তব্য কৰিছিল। তাৰ পিছতে একাংশ শিৱসেনাৰ কৰ্মীয়ে লোকজনক ফোনত ভাবুকি প্ৰদান কৰাৰ উপৰিও পথত আৱদ্ধ কৰি প্ৰহাৰ কৰে। শিৱসেনাৰ কৰ্মীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হীৰামণি তিৱাৰীক পিছত চিকিৎসালয়তো ভৰ্তি কৰাবলগীয়া হয়।

The post ছ’চিয়েল মিডিয়াত মুখ্যমন্ত্ৰীক সমালোচনা! গাত চিয়াঁহী ঢালি ৰাজহুৱা স্থানত শাস্তি দিয়া হ’ল এজন লোকক… VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2tkxDoM
via IFTTT

Comments