মিৰাটৰ আৰক্ষী অধীক্ষকৰ ভাইৰেল ভিডিঅ’ক লৈ প্ৰতিক্ৰিয়া কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকবীৰ…

  • মিৰাটৰ আৰক্ষী অধীক্ষকৰ ভাইৰেল ভিডিঅ’ক লৈ প্ৰতিক্ৰিয়া কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকবীৰ।
  • দেওবাৰে সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
  • ‘যদি ভাইৰেল হোৱা ভিডিঅ’টো আৰু তাত শুনিব পোৱা আৰক্ষী অধীক্ষকৰ মন্তব্য সত্য হয়, তেন্তে সেয়া অতি দুৰ্ভাগ্যজনক।’
  • ‘এগৰাকী আৰক্ষী অধীক্ষকে তেনে মন্তব্য কৰাটো অশোভনীয়।’
  • ‘তেওঁৰ বিৰুদ্ধে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’
  • উল্লেখ্য যে, শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে মিৰাটৰ আৰক্ষী অধীক্ষক অখিলেশ নাৰায়ণৰ এটা ভিডিঅ’।
  • ভিডিঅ’টোত তেওঁ ‘কা’ বিৰোধী প্ৰতিবাদকাৰীক পাকিস্তানলৈ যাবলৈ মুকলি ভাবুকি প্ৰদান কৰা শুনা গৈছিল।’
  • ২০ ডিচেম্বৰত পশ্চিম উত্তৰ প্ৰদেশত ‘কা’ৰ বিৰুদ্ধে সাব্যস্ত প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰীসকলক লৈ মন্তব্য কৰিছিল অখিলেশ নাৰায়ণে।
  • ভিডিঅ’টোত আৰক্ষী অধীক্ষক গৰাকীয়ে অশ্লীল মন্তব্য কৰাও শুনিবলৈ পোৱা যায়।
  • ইফালে প্ৰতিবাদকাৰীয়ে সেইদিনা ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়া বাবেই তেওঁ এইদৰে মন্তব্য কৰা বুলি শনিবাৰে স্পষ্টীকৰণ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে।

The post মিৰাটৰ আৰক্ষী অধীক্ষকৰ ভাইৰেল ভিডিঅ’ক লৈ প্ৰতিক্ৰিয়া কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকবীৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2F0YPLF
via IFTTT

Comments