জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যলৈ ২০১৯-২০ বৰ্ষৰ আৰোহণ বঁটা…

ডিজিটেল ডেস্কঃ জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যলৈ আগবঢ়োৱা হৈছে ২০১৯-২০ বৰ্ষৰ আৰোহণ বঁটা। চামগুৰিৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক গোষ্ঠী ‘আৰোহণ’য়ে আগবঢ়াইছে এই সন্মান। চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈ থকা ‘চিৰঞ্জীৱ থিয়েটাৰ’ৰ মঞ্চত এই বঁটা প্ৰদান কৰা হ’ব।
তেওঁৰ লগতে আনকেবাগৰাকী লোকলৈ এই বঁটা আগবঢ়োৱা হৈছে। বিগত বৰ্ষত একাদিক্ৰমে বিশিষ্ট কালি বাদক কলিৰাম বৰা, নাট্যকাৰ অভিনেতা পল্লব পবন বৰা, সংগীত শিল্পী পাৰ্শ্বজ্যোতি দাসক ‘আৰোহণ’য়ে এই বঁটা প্ৰদান কৰিব।
চামগুৰিৰ সামাজিক, সাংস্কৃতিক, শিল্প, সাহিত্যকে ধৰি বিভিন্ন ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়োৱা ব্যক্তিক এই বঁটা আগবঢ়াই আহিছে। মঙলবাৰে ‘চিৰঞ্জীৱ থিয়েটাৰ’ৰ দ্বিতীয় নিশাৰ নাট ‘মেডিকেল কলেজৰ মনালিছা’ নাট আৰম্ভ হোৱাৰ পূৰ্বে সন্ধিয়া ৫-৩০ বজাত এই বঁটা প্ৰদান কৰা হ’ব।
The post জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যলৈ ২০১৯-২০ বৰ্ষৰ আৰোহণ বঁটা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2rG3XBN
via IFTTT
Comments
Post a Comment