ঘন কুৱঁলীয়ে কাঢ়ি নিলে ৬ জনৰ প্ৰাণ…

ডিজিটেল ডেস্কঃ ঘন কুৱঁলীৰ ফলত সোমবাৰে পুৱাই সংঘটিত হয় এক পথ দুুৰ্ঘটনা। ৰাজধানী দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত ঘন কুঁৱলীৰ বাবেই প্ৰতিদিনাই সংঘটিত হৈছে পথ দুৰ্ঘটনা। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ গ্ৰেটৰ নয়দাত দেওবাৰে নিশা সংঘটিত হয় এক দুৰ্ঘটনা। ঘন কুঁৱলীৰ বাবেই এখন বাহন পথৰ কাষতে থকা বৃহৎ নলাত পৰাৰ ফলত মৃত্যু হয় ৬ জনকৈ লোক।

স্থানীয় আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ামতে, নিশা প্ৰায় ১১.৩০ বজাত সংঘটিত হৈছিল এই দুৰ্ঘটনা। ইফালে বাহনখনত আছিল ১১ গৰাকীকৈ লোক। আঘাতপ্ৰাপ্ত ১১ জনকে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে ৬ জনক মৃত বুলি ঘোষণা কৰে।

The post ঘন কুৱঁলীয়ে কাঢ়ি নিলে ৬ জনৰ প্ৰাণ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2SJ19yO
via IFTTT

Comments