কোনে কোনে পাব মন্ত্ৰীত্বঃ আজি মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰৰ বিস্তাৰ…

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰে সোমবাৰে মন্ত্ৰীমণ্ডল বিস্তাৰ কৰাৰ সিদ্ধান্তগ্ৰহণ কৰিছে। সুত্ৰৰ খবৰনুসৰি, কংগ্ৰেছৰ ১০ বিধায়কে মন্ত্ৰীত্বৰ শপত লব সোমবাৰে দুপৰীয়া। মন্ত্ৰীত্ব লাভ কৰা কংগ্ৰেছ বিধায়কসকলৰ মাজত আছে- অশোক চৌহান, অমিত দেশমুখ, যশোমণি ঠাকুৰ, আৰু কেছী পড়ৱী।

কংগ্ৰেছ বিধায়ক অশোক চৌহানক গড়কাপ্তানি বিভাগৰ দায়িত্ব দিয়া হব বুলিও চৰ্চা চলিছে। ইফালে কংগ্ৰেছৰ ১০ বিধায়কৰ উপৰিও শিৱসেনা-এন চি পিৰ ১৩-১৩ বিধায়কে মন্ত্ৰীত্বৰ শপত লব বুলি জানিব পৰা গৈছে।

The post কোনে কোনে পাব মন্ত্ৰীত্বঃ আজি মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰৰ বিস্তাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2F3oKCD
via IFTTT

Comments