নগাওঁ জিলাৰ কামপুৰত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত,বিনিদ্ৰ ৰজনীত দিন পাৰ কৰিছে স্থানীয় ৰাইজে…

ডিজিটেল সংবাদ, কামপুৰঃ নগাওঁ জিলাৰ কামপুৰত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত আছে ।হাতীৰ ত্ৰাসত বিনিদ্ৰ ৰজনীত দিন পাৰ কৰিছে স্থানীয় ৰাইজে ।দিনে নিশাই জনাঞ্চলত মুক্ত বিচৰণ কৰিছে বন্যহস্তীয়ে ।হাতীৰ ভয়ত উৰে নিশা উজাগৰে কটাছে ৰাইজে ।
পুহ মহীয়া ঠেটুৱা লগা জাৰতো বন কৰ্মীৰ অনুপস্থিতি থকাৰ বাবে ৰাইজে নিজে খেদিছে হাতী ।উল্লেখ্য যে বিগত এটা মাহে নগাও সদৰ ;কামপুৰ আৰু কঠিয়াতলী বন আঞ্চলিক কাৰ্যালয়ৰ বিভিন্ন এলেকাত এটা প্ৰকাণ্ড হাতীৰ জাকে তাণ্ডৱ চলাই আহিছে যদিও বন বিভাগে খেদিব পৰা নাই হাতীৰ জাকটো ।হাতীৰ জাকটোৱে কেইবাটাও বাসগৃহৰ ক্ষতিসাধন কৰাৰ লগতে পথাৰৰ ধান কৃষকৰ বাৰীৰ তামোল পান কলগছ ভাঙি চুৰমাৰ কৰিছে ।
The post নগাওঁ জিলাৰ কামপুৰত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত,বিনিদ্ৰ ৰজনীত দিন পাৰ কৰিছে স্থানীয় ৰাইজে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/368chJz
via IFTTT
Comments
Post a Comment