আজি ঝাৰখণ্ডৰ ১১ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব হেমন্ত চোৰেনে…

ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ ১১ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে দেওবাৰে শপত লব হেমন্ত চোৰেনে। দিনৰ প্ৰায় ২ বজাত হব লগা এই শপত গ্ৰহণ অনুষ্ঠানৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে ৰান্সীৰ মেহৰবাদী খেলপথাৰত। প্ৰাপ্ত খবৰনুসৰি এই শপত গ্ৰহণ অনু্ষ্ঠানত সমগ্ৰ দেশৰ ৩০ জনতকৈ অধিক জ্যেষ্ঠ নেতা উপস্থিত থাকিব।
শপত গ্ৰহণ অনুষ্ঠানটিত ৬ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থকাৰ কথা ইতিমধ্যে সদৰি কৰা হৈছে। ইয়াৰ ভিতৰত পশ্চিম বংগৰ মমতা বেনাৰ্জী উপস্থিত থকাটো নিশ্চিত। ইয়াৰোপৰি দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী, কংগ্ৰেছ নেতা ৰাহুল গান্ধী, এন চি পিৰ নেতা শৰদ পৱাৰ, কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অভিলেখ যাদৱ, মায়াৱতী কে ধৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে, ডি এম কেৰ অধ্যক্ষ এম কে ষ্টালিন উপস্থিত থাকিব হেমন্ত চোৰেনৰ শপত গ্ৰহণ অনুষ্ঠানত।
ইফালে এই শপত গ্ৰহণ অনুষ্ঠানতে দেশৰ বিৰোধী শক্তি একগোট হোৱা বুলি মন্তব্যও প্ৰকাশ কৰিছে একাংশ ৰাজনৈতিকবিদে। বছৰটোৰ শেষত প্ৰায় সকলো বিৰোধী দলৰ নেতৃত্ব উপস্থিত থকা এই অনুষ্ঠানতে হেমন্ত চোৰেনৰ উপৰিও ১২ জন বিধায়কে মন্ত্ৰীত্বৰ শপত লোৱাৰ সম্ভৱনা আছে।
The post আজি ঝাৰখণ্ডৰ ১১ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব হেমন্ত চোৰেনে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2F4bCNj
via IFTTT
Comments
Post a Comment