অসম ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি, জ্যেষ্ঠ বিজেপি নেতা ইন্দ্ৰ মণি বৰাৰ বিয়োগ, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

  • প্ৰাক্তন সাংসদ তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ইন্দ্ৰ মণি বৰাৰ বিয়োগ।
  • ১৯৯৫চনত তেওঁ গ্ৰহণ কৰিছিল ৰাজ্যিক বিজেপিৰ দায়িত্ব।
  • ২০০১-২০০৭চনলৈ ৰাজ্যসভাৰ সাংসদ আছিল বৰা।
  • তেওঁৰ মৃত্যুত ৰাজ্যিক বিজেপিয়ে শোক প্ৰকাশ কৰিছে।
  • শোক প্ৰাকশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো।
  • ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব।
  • বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফেচবুকত লিখিলে,

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ইন্দ্ৰমণি বৰাদেৱৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। বিজেপি পৰিয়ালৰ বাবে এয়া অপূৰণীয় ক্ষতি। প্ৰকৃতাৰ্থত তেখেত আছিল ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ লাইখুঁটাস্বৰূপ।

১৯৯১ চনৰপৰা ২০০০ চনলৈ শ্ৰদ্ধাৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, শ্ৰী লালকৃষ্ণ আদৱানী ডাঙৰীয়া, শ্ৰী মুৰলী মনোহৰ যোশী ডাঙৰীয়াৰ দৰে প্ৰখ্যাত জননেতাসকলৰ সৈতে মিলি অসমত দলৰ ভেটি সুদৃঢ় কৰাত তেখেতে যি বলিষ্ঠ ভূমিকা লৈছিল, সেয়া চিৰস্মৰণীয় হৈ ৰ’ব।

তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা যাচিলোঁ।

The post অসম ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি, জ্যেষ্ঠ বিজেপি নেতা ইন্দ্ৰ মণি বৰাৰ বিয়োগ, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2MPUPlJ
via IFTTT

Comments