কামপুৰত হাতী মানুহৰ সংঘাতৰ তীব্ৰ ৰূপ, বৰকাঁহ-ঢোল বজাই হাতী খেদিবলৈ ওলাই আহিল ৰাইজ…VIDEO

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰত বন্যহাস্তীয়ে লৈছে ৰণচণ্ডী ৰূপ ।এইবাৰ গোসাইঘৰৰ থাপনা ভাঙিলে হাতীয়ে ।খৱৰ দিয়াৰ পিছটো উপস্থিত নহল বন বিভাগৰ লোক ।কুম্ভকৰ্ণ নিদ্ৰাত বনবিভাগৰ বিৰুদ্ধে ক্ষোভিত ৰাইজ ।সেয়ে কামপুৰৰ তেতেলিসৰাত নিশা হাতত বৰকাঁহ ঢোল লৈ ওলাই আহিল একাংশ ৰাইজ ।

এইয়া কোনো অসমীয়াৰ জাতিসত্বা ৰক্ষা আন্দোলনৰ দৃশ্য নহয় ।এইয়া নিজৰ ভেটি মাটি পেট ভাত ৰক্ষাৰ বাবে হাতী খেদিবলৈ অহাৰ দৃশ্য ।হয় ;নগাওঁজিলাৰ বন সংমণ্ডলৰ অধিনত কামপুৰ কঠিয়াতলী আৰু নগওঁসদৰ বন বিষয়া কাৰ্যলয়ৰ অন্তৰ্গত বিভিন্ন এলেকাত বন্য হস্তীৰ সন্ত্ৰাসে তীব্ৰ ৰূপ লৈছে ।
দেওঁবাৰৰ নিশাও কামপুৰৰ পূৱতেতেলি সৰা গাৱৰ তিনিজন লোকৰ ঘৰৰ ভাঙি চোতাল আৰু ভড়ালৰ ধাম খায় তহিলং কৰে ।

তথাপিও কুম্ভ কৰ্ণ নিদ্ৰাত বনবিভাগ ।উল্লেখ্য যে কঠীয়াতলী বন আঞ্চলিক কাৰ্যলয়ৰ অন্তৰ্গত পূৱতেতেলিসৰা গাৱৰ শিশুৰাম নামৰ কৃষকজনৰ বিস্তৰ ক্ষতিসাধন কৰে হাতীৰ জাক টোৱৈ ।কৃষকজনৰ চোতালত ৰাখিথোৱা মেজিৰ ধান খায় নষ্ট কৰাৰ লগতে পাকঘৰ আৰু গোহালীঘৰ ভাঙি পেলাই।

তাৰোপৰি প্ৰদীপ দাস নামৰ লোকজনৰ গোসাঁই ঘৰ ভাঙি পেলোৱাৰ কৃষকজনৰ চৌহদত লণ্ড ভণ্ড চলাই তাৰোপৰি ৰঞ্জিত দাস নামৰ লোকজনৰ ভড়াল ঘৰ ভাঙি ধান খাই হাতীৰ জাকটোৱে ।ইয়াৰো পৰি বিগত এটা মাহে পথাৰৰ পকা ধান খায় কৃষকৰ বাৰীৰ তামোল পান কলগছ ভাঙি চুৰমাৰ কৰিছে যদিও কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ।

উল্লেখ্য যে বিগত এটা এটা মাহে শতাধিক এটা হাতীৰজাকে অঞ্চলটোত সন্ত্ৰাস চলাইছে যদিও বম বিভাগে খেদি পঠাব পৰা নাই হাতীৰ জাকটো ।বন বিভাগক ভুক্তভুগীয়ে খৱৰ দিলেও বমবিভাগে গা এৰা মন্তব্য দিয়াৰ অভিযোগ উঠিছে ।

The post কামপুৰত হাতী মানুহৰ সংঘাতৰ তীব্ৰ ৰূপ, বৰকাঁহ-ঢোল বজাই হাতী খেদিবলৈ ওলাই আহিল ৰাইজ…VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2F3tkAD
via IFTTT

Comments