ছ’চিয়েল মিডিয়াত শেনচকু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰঃ চৰকাৰ বিৰোধী মন্তব্য কৰা সকলৰ একাউন্ট বন্ধ কৰাৰ উপৰিও ল’ব এই ব্যৱস্থা…(সবিশেষ)

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইনক লৈ দেশ তথা ৰাজ্যজুৰি চলা প্ৰৱল প্ৰতিবাদত শংকিত হৈছে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ। অসমত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰ লগতে ছ’চিয়েল মিডিয়াত এই আইনখনৰ বিপক্ষে গঠন হোৱা জনমতক লৈ শংকিত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ ব্যৱস্থা। মুঠৰ ওপৰত এতিয়া ফেচবুক আৰু টুইটাৰত চৰকাৰৰ বিৰুদ্ধে অসমীয়াত মন্তব্য কৰিলেও সাৰি যাব নোৱাৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ পৰা।
ছ’চিয়েল মিডিয়াক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কি ব্যৱস্থা গ্ৰহণ কৰিছেঃ
প্ৰাপ্ত খবৰনুসৰি ছ’চিয়েল মিডিয়াত কা আৰু চৰকাৰৰ বিৰুদ্ধে কটু মন্তব্য কৰা সকলৰ প্ৰতি চকু ৰাখিবলৈ নতুন দিল্লীৰ গৃহ মন্ত্ৰণালয়ৰ নতুন কাৰ্যালয়ত গঠন কৰা হৈছে IT বিশেষজ্ঞ আৰু ছফটৱেৰ অভিযন্তাৰ এক বিশেষ দল। Earnest and Young নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৰ পৰা লোৱা হৈছে ইয়াৰ বাবে বিশেষ সেৱা।
ব্যক্তিগত প্ৰতিষ্ঠানটোৰ পৰা ৫জন অতি পাৰ্গত ব্যক্তিক নিয়োগ কৰাৰ লগতে অসমৰ ৩৩খন জিলাৰ বিপৰীতে ৩৩জন অসমীয়া ভাষা জনা ছচিয়েল মিডিয়া বিশেষজ্ঞকো এই ব্যৱস্থাত নিয়োগ কৰা হৈছে। এই বিশেষ দলটোৱে প্ৰস্তুত কৰি উলিয়াইছে এক লাখ অসমীয়া শব্দৰ Keywordৰ তালিকা। আৰু আহি থকা এক মাহৰ ভিতৰত এই তালিকাত অন্তৰ্ভুক্ত হ’ব অতিৰিক্ত কমেও ২ লাখ শব্দ।
কেনেকৈ বিচাৰি উলিয়াব বিভিন্ন লোক ‘কা’ তথা চৰকাৰ বিৰোধী মন্তব্যঃ
Earnest and Young নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৰ দলটোৱে প্ৰস্তুত কৰি উলিওৱা এক লাখ অসমীয়া শব্দৰ Keywordৰ তালিকাত থকা কোনো শব্দ ছচিয়েল মিডিয়াত কোনোবাই ব্যৱহাৰ কৰি ষ্টেটাছ দিলে অথবা টুইট কৰে, তেতিয়া সেই বিশেষ Software Applicationৰ সহায়ত এই দলটোৱে বিচাৰি উলিয়াব ষ্টেটাছ দিয়া আৰু টুইট কৰা ব্যক্তিজনক।
তৎক্ষণাত তেওঁৰ পৰিচয়, অৱস্থিতি আদি বিচাৰি প্ৰস্তুত কৰা হ’ব এক বিশেষ ডাটাবেছ। এতিয়া অসমীয়া ভাষা জনাকেইজনে সেই মন্তব্যটো বিশ্লেষণ কৰিব আৰু যদি সেই মন্তব্য চৰকাৰৰ বিৰোধী হয় তেওঁলোকে নিৰ্ধাৰিত প্ৰক্ৰিয়াৰে সেই কথা ৰিপ’ৰ্ট কৰি ফেচবুক আৰু টুইটাৰ কৰ্তৃপক্ষক সেই পোষ্ট আঁতৰাই দিবলৈ কোৱা হ’ব।
ইয়াৰ পাছতে চৰকাৰৰ বিৰোধী মন্তব্য কৰা এই একাউন্টটো পৰ্যালোচনা কৰি প্ৰয়োজন সাপেক্ষে একাউণ্ট বন্ধ কৰিবলৈ কৰিবলৈও কোৱা হ’ব। লগতে সেই লোকজনৰ ওপৰত স্থানীয় চোৰাংচোৱাক বিশেষ নজৰ ৰাখিবলৈ কোৱা হ’ব। মুঠৰ ওপৰত কা আৰু চৰকাৰ বিৰোধী যিকোনো মন্তব্য কৰা সকলৰ বিৰুদ্ধে কঠোৰ প্ৰদক্ষেপৰ দিশে আগবাঢ়িছে গৃহ মন্ত্ৰালয়।
The post ছ’চিয়েল মিডিয়াত শেনচকু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰঃ চৰকাৰ বিৰোধী মন্তব্য কৰা সকলৰ একাউন্ট বন্ধ কৰাৰ উপৰিও ল’ব এই ব্যৱস্থা…(সবিশেষ) appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/39oZ699
via IFTTT
Comments
Post a Comment