৩৫ বছৰৰ সেৱাৰ অন্তত আজি ভাৰতীয় বায়ুসেনাই বিদায় দিলে ‘বাহাদুৰ’ক…

ডিজিটেল ডেস্কঃ টাৰ্গট মিলাই ৰকেট আৰু বোমাৰে কাৰ্গিল যুদ্ধত পাকিস্তানক তননচ কৰি দিয়া যুজাঁৰু বিমানখনক আজি বিদায় দিলে ভাৰতীয় বায়ু সেনাই। প্ৰায় ৩৫ বছৰ ধৰি ভাৰতীয় বায়ুসেনাৰ অন্যতম শক্তি মিগ-২১ শ্ৰেণীৰ বিমানখনে শুকুৰবাৰে অন্তিমটো উৰণ সমাপন কৰে।

ভাৰতীয় সেনাৰ গুৰুত্বপূৰ্ণ অংগ হিচাপে থকা মিগ-২১ শ্ৰেণীৰ বিমানক বিদায় দিয়াৰ উপলক্ষে যোধপুৰ বায়ু সেনা চাউনীত আয়োজন কৰা হয় বিশেষ অনুষ্ঠানৰ। অন্তিম বাৰ উৰনৰ পাছত সহ-সন্মানেৰে বিদায় দিয়া হয় মিগ-২১ক।

মিগ-২১ ক বিদায় দিয়াৰ কথা বৃহস্পতিবাৰে সংবাদমাধ্যমক জানিবলৈ দিছিল প্ৰতিৰক্ষা মন্ত্ৰালয়ে। ইয়াৰ পূৰ্বেও বিশেষ কিছু দিশৰ প্ৰতি লক্ষ্য ৰাখি মিগ-২৩, মিগ ২৩ এম এফ আৰু খালিছ মিগ ২৭ নামৰ যুজাৰু বিমান কেইখনক বায়ুসেনাৰ পৰা আতৰোৱা হৈছিল।

নতুনকৈ বায়ু সেনাৰ পৰা আতৰোৱা মিগ ২৭ যুজাৰু বিমানখন ১৯৮৫ চনত ভাৰতীয় বায়ুসেনাৰ সৈতে চামিল কৰা হৈছিল। ২০০১-০২ চনৰ ভাৰতৰ অপাৰেচন পৰাক্ৰমটো উল্লেখযোগ্য ভূমিকা লৈছিল মিগ ২৭নে। কাৰ্গিল যুদ্ধৰ সময়ত মিগ ২১ক নামাকৰণ কৰা হৈছিল বাহাদুৰ হিচাপে।

The post ৩৫ বছৰৰ সেৱাৰ অন্তত আজি ভাৰতীয় বায়ুসেনাই বিদায় দিলে ‘বাহাদুৰ’ক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZxOnon
via IFTTT
Comments
Post a Comment