লখিমপুৰৰ বন্যাৰ্তৰ মাজত ছাত্ৰ সমাজৰ সাহায্য বিতৰণ…

ডিজিটেল সংবাদ, লালুকঃ লখিমপুৰ জিলাৰ বিভিন্ন ঠাইত বানত ক্ষতিগ্ৰস্ত লোক সকলে পৰ্যাপ্ত খাদ্য সামগ্ৰী জিলা প্ৰশাসনে যোগান নধৰাৰ পৰিপেক্ষিতত একাংশ সুহৃদয়ৱানলোকে এতিয়াও বিভিন্ন ধৰণে বন্যাৰ্তৰ মাজত সা-সামগ্ৰী বিতৰণ কৰিয়ে আছে৷ তাৰ মাজতে লখিমপুৰৰ একাংশ মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰছাত্ৰীয়ে মানুহ হিচাপে মানৱীয়তা খাতিৰত বানপিড়িত লোক সকলৰ বাবে অকণমান সহায় হাত বিচাৰি ওলায় আহে৷

ছাত্ৰী ৰিতামণি বৰা সহযোগত বৰ্তমান যুৱপ্ৰজন্ম আগবাঢ়ি আহি কোনো দল, সংগঠন বা স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহায় নোলোৱাকৈ ৰাইজৰ বাবে ৰাইজৰ কাষ চাপে। লখিমপুৰ ,লালুক ,বান্দৰদেৱা, সকলো ব্যক্তিৰ সহায় সহযোগিতাত ছাত্ৰ সমাজ আৰু যুৱ প্ৰজন্মই ১০৫ ঘৰ মানুহক সহায় হাত আগবঢ়াই৷ ছাত্ৰ তথা যুৱ সমাজে লখিমপুৰৰ আমতলা ,বনগাঁওৰ বন্যাতৰ মাজত উপস্থিত হৈ ক্ষতিগ্ৰস্তলোকৰ অৱস্থা প্ৰত্যক্ষ কৰি মৰ্মাহত হৈ পৰে৷

পথৰ দাতিত তিৰপাল আৰি যেনেতেনে আশ্ৰয় লোৱা বন্যাতৰ শিশুসকল পাঠ্যপুথি পানীত উটি যোৱা তথা নষ্ট হোৱাৰ কথা জানিব পাৰি তৎকালেই যোগান ধৰাৰ আশ্বাস দিয়ে৷ ছাত্ৰ সমাজ তথা যুৱ প্ৰজন্মই বন্যাতৰ মাজত ছয়টাকৈ শৌচাগাৰ, চাউল, দালি, আলু, নিমখ, মম, মহ মৰা ধূপ, সকলো লৈকে কাপোৰ যোগান ধৰে। আনহাতে ছাত্ৰ সমাজ তথা যুৱ প্ৰজন্মৰ এনে বদন্যতাক শলাগ লৈছে বন্যাৰ্তই৷

The post লখিমপুৰৰ বন্যাৰ্তৰ মাজত ছাত্ৰ সমাজৰ সাহায্য বিতৰণ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/333DlbZ
via IFTTT

Comments