উন্নাৱৰ নিৰ্যাতনৰ বলি যুৱতীৰ সৈতে হোৱা দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত সদন, প্ৰতিবাদী শ্ল’গানেৰে গৃহমন্ত্ৰীক জবাবদিহি বিৰোধীৰ

ডিজিটেল ডেস্কঃ উন্নাৱৰ নিৰ্যাতনৰ বলি যুৱতীৰ সৈতে হোৱা দুৰ্ঘটনাক কেন্দ্ৰ কৰি মঙলবাৰে উত্তপ্ত হৈ পৰে লোকসভাৰ মজিয়া। বিৰোধীয়ে এই দুৰ্ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক জবাবদিহি কৰাৰ লগতে ‘বেটী বচোৱা বেটী পঢ়োৱা’, ‘উন্নাৱৰ যুৱতীক সুৰক্ষিত কৰা’, ‘গৃহমন্ত্ৰী অমিত শ্বাহ উত্তৰ দিয়ক’ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। কংগ্ৰেছ, সমাজবাদী পাৰ্টীকে ধৰি বিৰোধী দলসমূহে উন্নাৱৰ বিজেপি বিধায়ক কুলদ্বীপ চেঙাৰে পৰিকল্পিতভাৱে এই দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ তুলিছে।
ইফালে লোকসভাত বিৰোধীক প্ৰত্যাক্ৰমণ কৰি বিজেপি সাংসদ জগদম্বিকা পালে নিৰ্যাতিতা যুৱতীগৰাকীৰ সৈতে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন সমাজবাদী পাৰ্টীৰ নেতাৰ নামত ৰেজিষ্টাৰ হৈ থকা বুলি দাবী কৰে। বিজেপি সাংসদগৰাকীৰ এই দাবীৰ প্ৰতি সমৰ্থন জনায় ফতেহপুৰৰ বিজেপি সাংসদ জ্যোতি নিৰঞ্জনেও। বিৰোধীয়ে ইচ্ছাকৃতভাৱে এই দুৰ্ঘটনাৰ আঁৰত বিজেপি জড়িত থকা বুলি অভিযোগ কৰি বিজেপিৰ বদমান কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ কৰে।
উল্লেখ্য যে, ২০১৭ চনত বিজেপি বিধায়ক কুলদ্বীপ চেঙাৰৰ ওচৰলৈ চাকৰি বিচাৰি যাওতে বলাৎকাৰ কৰাৰ অভিযোগ তুলিছিল এগৰাকী যুৱতীয়ে। যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে পস্ক’ আইনৰ অধীনত গোচৰ ৰুজু কৰি বিজেপি বিধায়কজনৰ বিৰুদ্ধে তদন্ত চলাই থকাৰ সময়তে দেওবাৰে সন্ধিয়া ৰায়বৰেলীৰ পৰা আহি থকা পথত গুৰুবংশগঞ্জ নামৰ এটুকুৰা ঠাইত নিৰ্যাতিতা যুৱতীগৰাকী আৰু তেওঁৰ পৰিয়ালটো আহি থকা বাহনখনত এখন ট্ৰাকে খুন্দা মাৰে। এই দুৰ্ঘটনাত নিহত হয় যুৱতীগৰাকীৰ ২ আত্মীয় মহিলা। আনহাতে দুৰ্ঘটনাত আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী।
ইফালে, ৰায়বৰেলী কাৰাগাৰত অন্য এক গোচৰত দোষী সাব্যস্ত হৈ যাৱজ্জীৱন কাৰাদণ্ড ভোগ কৰি থকা যুৱতীগৰাকীৰ খুড়াকে কাৰাগাৰৰ ভিতৰৰ পৰাই এক পত্ৰযোগে অভিযোগ কৰি কয় যে বিজেপি বিধায়কে তেওঁক ফোন কৰি গোচৰ উঠাই নল’লে হত্যাৰ ভাবুকি প্ৰদান কৰি আহিছে।
The post উন্নাৱৰ নিৰ্যাতনৰ বলি যুৱতীৰ সৈতে হোৱা দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত সদন, প্ৰতিবাদী শ্ল’গানেৰে গৃহমন্ত্ৰীক জবাবদিহি বিৰোধীৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2LOqjtf
via IFTTT
Comments
Post a Comment