লুকা-ভাকু খেলেই কাল হ’ল ৫ বছৰীয়া অথৰ্বৰ বাবে!…

ডিজিটেল ডেস্কঃ লুকা-ভাকু খেলেই কাল হল ৫ বছৰীয়া এটি শিশুৰ বাবে। সমনীয়াৰ লগত লুকা-ভাকু খেলি থাকোতেই প্ৰাণ হেৰুৱালে উত্তৰ প্ৰদেশৰ কলীনগৰ চহৰৰ ৫ বছৰ বয়সীয়া অথৰ্ব। প্ৰাপ্ত খবৰ অনুসৰি মঙলবাৰে দুপৰীয়া অথৰ্বে সমনীয়াৰ সৈতে লুকা-ভাকু খেলি আছিল। খেলৰ মাজতে লুকাবলৈ গৈ এবাৰত অথৰ্ব এখন আইচ ক্ৰীমৰ ট্ৰলীত সোমালগৈ। অথৰ্ব সোমোৱা খন্তেক পাছতে ট্ৰলীৰ দৰ্জা বন্ধ হৈ যায়। সন্ধিয়াৰ লৈকে অথৰ্ব ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰোত আইচ ক্ৰীমৰ ট্ৰলীত উদ্ধাৰ হয় অথৰ্বৰ নিথৰ মৃতদেহ। স্থানীয় আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে কণমানি অথৰ্বৰ মৃতদেহ উদ্ধাৰৰ পাছতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

The post লুকা-ভাকু খেলেই কাল হ’ল ৫ বছৰীয়া অথৰ্বৰ বাবে!… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2YzjTUX
via IFTTT

Comments