গুৱাহাটী ৰে’লৱে ষ্টেচনত হেৰ’ইনসহ আটক মহিলা

ডিজিটেল সংবাদ, গুৱাহাটীঃ অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী। অপৰাধীয়ে ৰে’ল যাতায়তৰ সুযোগ গ্ৰহণ কৰি বহিঃৰাজ্যৰ পৰা বিভিন্ন নিচাজাতীয় সামগ্ৰী আমদানী কৰাৰ লগতে ৰপ্তানী কৰিছে আন কেতবোৰ নিচাজাতীয় সামগ্ৰী। গুৱাহাটী ৰে’ল ষ্টেচনত মঙলবাৰে পুৱাই জব্দ হ’ল বৃহৎ পৰিমাণৰ হেৰ’ইন। এগৰাকী মহিলাৰ পৰা জব্দ কৰা হৈছে ২২ পেকেট হেৰ’ইন।
জব্দ হোৱা হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় ৩০ লাখ টকা হ’ব বুলি সদৰি কৰিছে গুৱাহাটী ৰে’লৱে আৰক্ষীয়ে। ৰাজধানী এক্সপ্ৰেছত নিয়মীয়া তালাচীৰ সময়ত কৰ্মকাৰ উপাধিৰ এগৰাকী মহিলাৰ পৰা জব্দ কৰা হৈছে নিষিদ্ধ সামগ্ৰীখিনি। উল্লেখ্য যে, পশ্চিম বংগৰ নাডায়াত ঘৰ যুৱতীগৰাকীৰ। যুৱতীগৰাকীৰ বিৰুদ্ধে ৰে’লৱে আৰক্ষীয়ে ৰুজু কৰিছে এক গোচৰ। দিল্লীলৈ নিয়াৰ চেষ্টা চলোৱাৰ সময়তে হেৰ’ইনখিনি জব্দ কৰা বুলি সদৰি কৰিছে ৰে’ল আৰক্ষীয়ে।
The post গুৱাহাটী ৰে’লৱে ষ্টেচনত হেৰ’ইনসহ আটক মহিলা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2GAv2L9
via IFTTT
Comments
Post a Comment