গুৱাহাটী কমাৰ্চ কলেজৰ ছাত্ৰী শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ ৩ অভিযুক্তক দোষী সাব্যস্ত, হ’ব পাৰে যাৱজ্জীৱন কাৰাদাণ্ড অথবা মৃত্যুদণ্ড

  • শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ ৰায়দান কামৰূপ জিলা সত্ৰ ন্যায়াধীশ আদালতৰ।
  • আদালতে দোষী সাব্যস্ত কৰিছে গোবিন্দ সিংহালৰ লগতে আন দুজনক।
  • ৩০২ ধাৰাত প্ৰদান কৰা হ’ব শাস্তি।
  • শাস্তিৰ ম্যাদ ঘোষণা কৰা হ’ব বুধবাৰে।
  • মৃত্যুদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ড ভূগিব লাগিব পাৰে অপৰাধী কেইজনে।
  • ২০১৭ চনৰ ডিচেম্বৰত হত্যা কৰা হৈছিল মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালাক।
  • হত্যাৰ তদন্ত চলাই আৰক্ষীয়ে আটক কৰিছিল গোবিন্দ সিংহালক।
  • লগতে গোবিন্দ সিংহালৰ মাতৃ আৰু ভগ্নীকো আটক কৰিছিল আৰক্ষীয়ে।
  • কৌশলেৰে ঘৰলৈ মাতি নি গোবিন্দ সিংহালৰ পৰিয়ালে হত্যা কৰিছিল গুৱাহাটী কমাৰ্চ কলেজৰ ছাত্ৰীগৰাকীক।
  • কিছু সময় পিছতে কেন্দ্ৰীয় কাৰাগাৰলৈ ক্ষন্তেক সময়ৰ বাবে নিয়া হ’ব ৩ হত্যাকাৰীক।

The post গুৱাহাটী কমাৰ্চ কলেজৰ ছাত্ৰী শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ ৩ অভিযুক্তক দোষী সাব্যস্ত, হ’ব পাৰে যাৱজ্জীৱন কাৰাদাণ্ড অথবা মৃত্যুদণ্ড appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2YfCxBS
via IFTTT

Comments