আকৌ বিতৰ্কত জুবিন! শিল্পীজনৰ বৰ্ণবাদী মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

এক সংগীতানুষ্ঠানত জুবিন গাৰ্গে কৰা বৰ্ণবাদৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শুকুৰবাৰৰ নিশা গায়কগৰাকীয়ে এই অনুষ্ঠানটোত অংশ লৈ বহুকেইটা বিতৰ্কিত মন্তব্য কৰিছিল। তাৰ ভিতৰত তেৱেঁই গোৱা ‘য়া আলী’ শীৰ্ষক গীতটোৰ সন্দৰ্ভত জুবিনে কৈছিল- ‘এই গীতটো নকল।’
এই সংগীতানুষ্ঠানত জুবিনে হিন্দী গীত আৰু নাগাও বুলি কোৱাৰ লগতে হিন্দী গীতৰ সন্দৰ্ভতো আপত্তিজনক মন্তব্য কৰা বুলি অভিযোগ উঠিছে। কাঞ্চনজংঘা ছবিৰ কামত ব্যস্ত থকাৰ লগতে বানাক্ৰান্তৰ বাবে ৪ লাখ টকা সাহায্য দিয়াৰ কথা কৈছিল জুবিনে।
অনুষ্ঠানটোত জুবিনে তেওঁৰ পৰৱৰ্তী ছবিখনৰ নাম ঘোষণা কৰিছিল। জুবিন গাৰ্গে জনোৱা মতে, তেওঁৰ পৰৱৰ্তী ছবিৰ নাম- ‘বাঘ’। আনহাতে এই অনুষ্ঠানত জুবিনে কৰিছিল এক বৰ্ণবাদী মন্তব্য। নিজৰ লগুন চিঙি পেলোৱা বুলি দাবী কৰি জুবিনে ব্ৰাহ্মন সম্প্ৰদায়ক লৈ কৰা মন্তব্যই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শিল্পীজনে ব্ৰাহ্মণক মাৰিব লাগে বুলি কৰা এই মন্তব্যক বিভিন্ন জনে বিভিন্ন দৃষ্টিৰে গ্ৰহণ কৰিছে। আনকি ছ’চিয়েল মিডিয়াত জুবিনৰ এই মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে একাংশ।
The post আকৌ বিতৰ্কত জুবিন! শিল্পীজনৰ বৰ্ণবাদী মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2YmIXKz
via IFTTT
Comments
Post a Comment