গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ…

- গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ।
- ৰে’লৱে আৰক্ষীয়ে সোমবাৰে পুৱা অভিযান চলাই ৪৫ কেজি গাঞ্জাসহ আটক কৰে দুগৰাকী লোকক।
- ১২৪২৩ নম্বৰৰ গুৱাহাটীৰ পৰা দিল্লী যাবলগীয়া ৰাজধানী এক্সপ্ৰেছৰ পৰা আটক কৰে লোক দুজনক।
- আটক হোৱা লোক দুগৰাকীৰ এগৰাকী পুৰুষ আৰু আনগৰাকী হৈছে মহিলা।
- ধৃত পুৰুষ-মহিলা দুগৰাকীক ক্ৰমে ৱাবোৰ খাৰপুৰী চিনৰেম আৰু দড়িশা চিনৰেম।
- ৰে’লৱে আৰক্ষীয়ে জানিবলৈ দিয়া মতে দুয়ো গৰাকী সম্পৰ্কত ভাতৃ-ভগ্নী।
- তেওঁলোকৰ ঘৰ মেঘালয়ৰ পূব খাচী পাহাৰৰ লুম্মেওবাহত।
The post গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2GBL7QB
via IFTTT
Comments
Post a Comment