কৃষ্ণাইত যুৱক সন্ধানহীন

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত বাবুপাৰাৰ প্ৰয়াত ফণীভূষণ সাহৰ পুত্ৰ প্ৰবীৰ সাহা শনিবাৰে পুৱা ঘৰৰ পৰা কৃষ্ণাই বজাৰলৈ ওলাই অহাৰ পিছতেই সন্ধানহীন হৈ পৰে৷ পৰিয়ালৰ লোকে যুৱক জনক বিচাৰিছে যদিও কোনো সন্ধান পোৱা নাই।

ইফালে পৰিয়ালৰ লোকে কৃষ্ণাই আৰক্ষী থানাত যুৱকজনৰ সন্ধান বিচাৰি এখন এজাহাৰ দাখিল কৰিছে৷
কোনো লোকে যুৱক জনৰ সন্ধান পালে ওচৰৰ থানা অথবা ৯৪৩৫০২৪০৮৮ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে৷ উল্লেখ্য যে, বিগত কিছুদিন ধৰি যুৱকজন কিছু অসুস্থ হৈ আছিল৷

The post কৃষ্ণাইত যুৱক সন্ধানহীন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2MkrZKE
via IFTTT

Comments