ব্যক্তিগত আৰু পাৰিবাৰিক সম্পত্তি জব্দ কৰাত বাধা প্ৰদান কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ দাৰস্থ বিজয় মালিয়া

ডিজিটেল ডেস্কঃ পলাতক সুৰা ব্যৱসায়ী বিজয় মালিয়াই তেওঁৰ ব্যক্তিগত আৰু পৰিবাৰিক ব্যৱসায়ৰ তদন্ত আৰু জব্দ কৰাত বাধা প্ৰদান কৰিবলৈ উচ্চতম ন্যায়ালয়ক আবেদন জনাইছে। ন্যায়ালয়ত দাখিল কৰা আবেদনত সুৰা ব্যৱসায়ীজনে কিংগফিচাৰ কোম্পানীৰে জড়িত সা-সম্পত্তি সমূহহে জব্দ কৰাৰ বিপৰীতে তেওঁৰ ব্যক্তিগত আৰু পাৰিবাৰিক ব্যৱসায়সমূহ জব্দ কৰাত বাধা প্ৰদান কৰিবলৈ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছে। উচ্চতম ন্যায়ালয়ত ২৯ জুলাই অৰ্থাৎ সোমবাৰে হ’ব বিজয় মালিয়াৰ এই আবেদনৰ শুনানি।

ইয়াৰ পূৰ্বে তেওঁৰ ব্যক্তিগত আৰু পাৰিবাৰিক ব্যৱসায়ৰ তদন্ত আৰু জব্দ কৰাৰ বিৰুদ্ধে বোম্বে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল বিজয় মালিয়াই। কিন্তু বোম্বে উচ্চ ন্যায়ালয়ে তেওঁৰ আবেদন খাৰিজ কৰাৰ পিছতে উচ্চতম ন্যায়ালৰ দাৰস্থ হয় সুৰা ব্যৱসায়ীজন।

উল্লেখ্য যে, ২০১৯ৰ জানুৱাৰী মাহতে প্ৰিভেনশ্যন অৱ মানী লণ্ডাৰিং এক্ট আদালতে বিজয় মালিয়াক আৰ্থিক পলাতকৰূপে ঘোষণা কৰিছিল। ইয়াৰ পিছতে বিজয় মালিয়াই বোম্বে ন্যায়ালয়ত আবেদন জনাই তেওঁৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ অসংবিধানিক বুলি দাবী কৰে। বিজয় মালিয়াৰ বিৰুদ্ধে আছে দেশৰ বেংকৰ পৰা ৯ কোটি টকাৰ ঋণ লৈ বিদেশলৈ পলায়ন কৰাৰ অভিযোগ। ২০১৬ চনত লণ্ডনলৈ পলায়ন কৰিছিল সুৰা ব্যৱসায়ী বিজয় মালিয়াই।

The post ব্যক্তিগত আৰু পাৰিবাৰিক সম্পত্তি জব্দ কৰাত বাধা প্ৰদান কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ দাৰস্থ বিজয় মালিয়া appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2yjnZBU
via IFTTT

Comments