কংগ্ৰেছ-জেডিএছৰ ১৪ গৰাকী পদত্যাগী বিধায়কক অযোগ্য ঘোষণা বিধানসভাৰ অধ্যক্ষৰ, সোমবাৰে অগ্নিপৰীক্ষাত অৱতীৰ্ণ হ’ব মুখ্যমন্ত্ৰী য়েদেয়ুৰাপ্পা

ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ কংগ্ৰেছ আৰু জেডিএছৰ ১৪ গৰাকী পদত্যাগী বিধায়কক দেওবাৰে অযোগ্য ঘোষণা কৰিছে বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশ কুমাৰে। উল্লেখ্য যে, কংগ্ৰেছ-জেডিএছৰ মিত্ৰজোঁটৰ চৰকাৰ ভংগ হোৱাৰ পিছতে কৰ্ণাটকত নতুন চৰকাৰ গঠন কৰিছিল বিজেপিয়ে। সোমবাৰে মুখ্যমন্ত্ৰী বি এছ য়েদেয়ুৰাপ্পাই বিধানসভাত বহুমত প্ৰমাণ কৰিব লাগিব।
ইফালে বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশ কুমাৰে দেওবাৰে ১৪ গৰাকী পদত্যাগী বিধায়কক অযোগ্য ৰায় প্ৰদান কৰাৰ পিছতে অযোগ্য বিবেচিত হোৱা মুঠ বিধায়কৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি পায়। আনহাতে এতিয়া বিধানসভাৰ সদস্যৰ সংখ্যা হৈছে ২০৮ জন। সেই অনুসৰি বহুমত লাভ কৰিবলৈ বিজেপিক প্ৰয়োজন হ’ব কমেও ১০৫ জন বিধায়কৰ সমৰ্থন।
মুখ্যমন্ত্ৰী য়েদেয়ুৰাপ্পাই দাবী কৰা মতে, বিজেপিৰ ওচৰত ১০৬ গৰাকী বিধায়কৰ সমৰ্থন আছে। আনফালে একাংশ জেডিএছ বিধায়কেও বিজেপিক সমৰ্থন জনোৱা সন্দৰ্ভত সংবাদ মাধ্যমত চৰ্চা চলিছে যদিও সেয়া সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জেডিএছ নেতা কুমাৰস্বামীয়ে।
The post কংগ্ৰেছ-জেডিএছৰ ১৪ গৰাকী পদত্যাগী বিধায়কক অযোগ্য ঘোষণা বিধানসভাৰ অধ্যক্ষৰ, সোমবাৰে অগ্নিপৰীক্ষাত অৱতীৰ্ণ হ’ব মুখ্যমন্ত্ৰী য়েদেয়ুৰাপ্পা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JXehvr
via IFTTT
Comments
Post a Comment