‘সন্ত্ৰাসবাদীৰ দেশ ত্যাগ কৰক’ কমেন্টত লাইক কৰি বিতৰ্কত পাকিস্তানী ক্ৰিকেটাৰ মহম্মদ আমীৰ

ডিজিটেল ডেস্কঃ টেষ্ট ক্ৰিকেটৰ পৰা সন্যাস লোৱাৰ পিছত লণ্ডনত নিগাজিকৈ থকাৰ পৰিকল্পনা কৰা পাকিস্তানী ক্ৰিকেট দলৰ পেচ বলাৰ মহম্মদ আমীৰক লৈ সৃষ্টি হৈছে এক নতুন বিতৰ্কৰ। এজন ভাৰতীয় টুইটাৰ ইউজাৰৰ এটা কমেন্টত লাইক কৰা বাবেই বিতৰ্কত সাঙোৰ খাই পৰিছে ক্ৰিকেটাৰগৰাকীৰ নাম।

উল্লেখ্য যে, যোৱা শুকুৰবাৰে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ বিষয়ে ঘোষণা কৰে মহম্মদ আমীৰে। লগতে তেওঁ অৱসৰ গ্ৰহণৰ পিছত লণ্ডনত নিগাজিকৈ থকাৰ পৰিকল্পনা কৰি ব্ৰিটেইনৰ ভিছা বিচাৰি আবেদন কৰা সন্দৰ্ভতো সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। ইফালে ক্ৰিকেটাৰগৰাকীয়ে বৃটিছ নাগৰিকত্ব বিচৰাক লৈ তীব্ৰ চৰ্চা চলে ছ’চিয়েল মিডিয়াত।

ক্ৰিকেটাৰ মহম্মদ আমীৰৰ পাকিস্তান ত্যাগ কৰাৰ সিদ্ধান্তক লৈ ছ’চিয়েল মিডিয়াত তীব্ৰ চৰ্চা অব্যাহত থকাৰ সময়তে ক্ৰিকেটাৰগৰাকীৰ সমৰ্থনত পাকিস্তানৰ খেল সাংবাদিক ছাজ ছাজিদে এটা টুইট কৰে। টুইটত তেওঁ লিখে- ‘এয়া বুজি পোৱা নাই যে কিয় মহম্মদ আমীৰে বৃটিছ পাছপ’ৰ্টৰ বাবে আবেদন কৰাক লৈ একাংশই চৰ্চা চলাইছে। তেওঁ ইয়াৰ বাবে আবেদন কৰাৰ অধিকাৰ আছে ইয়াৰ অৰ্থ এয়া নহয় যে তেওঁ ভৱিষ্যতে পাকিস্তানৰ হৈ খেলিবলৈ এৰি দিব।’

খেল সাংবাদিকগৰাকীৰ এই টুইটৰ পিছতে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ইয়াৰ মাজতে এজন ভাৰতীয় টুইটাৰ ইউজাৰে কমেন্টত লিখে- ‘তেওঁ সন্ত্ৰাসবাদীৰ দেশ ত্যাগ কৰা উচিত।’ ভাৰতীয় টুইটাৰ ইউজাৰজনৰ এই কমেন্টটো ক্ৰিকেটাৰ মহম্মদ আমীৰে জানি বা অজানিতে লাইক কৰে। অৱশ্যে তেওঁ কিছু সময়ৰ ভিতৰতে সেয়া ডিছলাইকো কৰে।

কিন্তু এতিয়া মহম্মদ আমীৰে টুইটাৰ কমেন্টটোৰ লাইক কৰা ষ্ক্ৰীণশ্বট দি বিভিন্নজনে সমালোচনা কৰিছে ক্ৰিকেটাৰগৰাকীক। মহম্মদ আমীৰে তেওঁৰ মাতৃভূমিক সন্ত্ৰাসবাদীৰ দেশ বুলি ভাৱে নেকি বুলিও ক্ৰিকেটাৰগৰাকীক প্ৰশ্ন কৰিছে বহুতে। ইয়াৰ মাজতে একাংশই ক্ৰিকেটাৰগৰাকীৰ পক্ষতো থিয় দিছে।

উল্লেখ্য যে, মহম্মদ আমীৰৰ পত্নী নৰগিছ মলিকা বৃটেইনৰ নাগৰিক হোৱা হেতুকে ইতিমধ্যে তেওঁ স্পাউচ ভিছাৰ বাবে আবেদন কৰিছে। স্পাউচ ভিছাৰ জৰিয়তে আমীৰে ইংলেণ্ডত ৩০ মাহ বাস কৰিব পাৰিব যদিও স্থায়ী নাগৰিকত্ব লাভত মহম্মদ আমীৰে অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। স্পট ফিক্সিঙৰ অভিযোগত ব্ৰিটিছ আদালতে ক্ৰিকেট গৰাকীক দোষী সাব্যস্ত কৰা বাবে তেওঁ সহজতে তাৰ নাগৰিকত্ব লাভ নকৰিব বুলি আশংকা কৰিছে বহুতে।

The post ‘সন্ত্ৰাসবাদীৰ দেশ ত্যাগ কৰক’ কমেন্টত লাইক কৰি বিতৰ্কত পাকিস্তানী ক্ৰিকেটাৰ মহম্মদ আমীৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Oo18Qx
via IFTTT

Comments