গণ অপৰাধ আৰু গাই গৰুৰ নামত হিন্দু ধৰ্ম আৰু সংস্কৃতিক বদনাম কৰা হৈছেঃ মোহন ভাগৱত

ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ থকা গণ অপৰাধমূলক কাৰ্য্যৰ আঁৰত বিজেপি, বজৰংগ আৰু আৰএছএছ জড়িত থকা বুলি একাংশই দাবী কৰাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মহাসচিব মোহন ভাগৱতে। আৰএছএছ নেতাগৰাকীয়ে গণ অপৰাধৰ কাণ্ডত হিন্দুত্ববাদী সংগঠন জড়িত থকা বুলি অপ্ৰচাৰ চলাই একাংশই হিন্দু ধৰ্ম আৰু সংস্কৃতিক বদনাম কৰাৰ বাবে ষড়যন্ত্ৰ ৰচা বুলি দাবী কৰে।

বৃন্দাবনৰ বাৎসল্য গ্ৰামত আয়োজিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় সামাজিক সদ্ভাৱ সমিতিৰ এক বৈঠকত অংশ লৈ এই দাবী কৰে আৰএছএছৰ প্ৰধান মোহন ভাগৱতে। তেওঁ কয়, ‘সমগ্ৰ দেশত হিন্দু ধৰ্ম আৰু সংস্কৃতিক বদনাম কৰাৰ বাবে গভীৰ ষড়যন্ত্ৰ ৰচা হৈছে। কোনো কোনো অঞ্চলত যদি গণ অপৰাধৰ নামত ৰাজনীতি কৰি সমাজত ঘৃণা আৰু হিংসা বিয়পোৱাৰ প্ৰয়াস কৰা হৈছে, আন কোনো অঞ্চলত গাই গৰুৰ নামত এনে ষড়যন্ত্ৰ ৰচা হৈছে। কিছু সংখ্যক ৰাজ্যত এতিয়া পৰিকল্পিত যোজনাৰ অধীনত জনতাৰ ধৰ্ম পৰিৱৰ্তন কৰোৱা আৰম্ভ হৈছে। আজি দেশৰ যি পৰিস্থিতি, সেয়া লক্ষ্য কৰি সকলো ধৰ্ম প্ৰচাৰক যথেষ্ট সতৰ্ক হৈ থকা উচিত।’

ভাগৱতে পুনৰ কয়, ‘হিন্দু ধৰ্ম ৰক্ষাৰ বাবে ভিন ভিন মত, পন্থা আৰু উপসনা পদ্ধতিৰ লোকসকলে একেলগে বহি আলোচনাৰ মাজেৰে সমাজত জাতি আৰু বৰ্গৰ মাজত সৃষ্টি হোৱা ভেদভাৱ কেনেদৰে আঁতৰোৱাব পাৰি, তাৰ বিষয়ে চিন্তা কৰিব লাগে। যদি এয়া সম্ভৱ হয়, তেন্তে নিশ্চিতভাৱে সমাজত দৃষ্টিগোচৰ হোৱা বহু সমস্যাৰ সমাধান কৰিব পৰা যাব।’

উল্লেখ্য যে, বৃন্দাবনত অনুষ্ঠিত সংঘৰ এই বৈঠকত উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, বিহাৰ, ৰাজস্থান, হাৰিয়ানা, পঞ্জাৱ, মধ্যপ্ৰদেশ, গুজৰাট, মেঘালয় আদিকে ধৰি প্ৰায় সকলো কেইখন ৰাজ্যৰে প্ৰতিনিধিসকল উপস্থিত থাকে।

The post গণ অপৰাধ আৰু গাই গৰুৰ নামত হিন্দু ধৰ্ম আৰু সংস্কৃতিক বদনাম কৰা হৈছেঃ মোহন ভাগৱত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/30XndXu
via IFTTT

Comments